এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১ অ]
১৮৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
আদি অন্ত যত সমস্তে কথাক
কহিলেক দুই হান্তৰ॥২৩॥
ৰাজাই শুনিয়া বিস্ময় মানিয়া
প্ৰশংসি বোল বচন।
সাৰ্থক শঙ্কৰ গুৰু ধন্য ধন্য
শিষ্য আৰো দুইজন॥২৪॥
—মুক্তি—
মই তাসম্বাৰ ৰজা নোহোঁ আৰ
এৰি দিলা বুলি এহি।
ৰাজা আপোনাৰ আপুনি আৰাৰ
অধিকাৰ আন নুহি॥২৫॥
পাছে তৰা দুই আনন্দিত হুই
আসিলন্ত নিজ ঘৰ।
সত্বৰ গমনে গৈল দুয়োজনে
যথাত আছা শঙ্কৰ॥২৬॥
যত আদি অন্ত সবে কহিলন্ত
যেন যেন দুঃখ ভৈল।
শঙ্কৰ মাধৱ দুয়ো দুইহন্তক
আশ্বাসি বুলিবে লৈল॥২৭॥
হৰি হৰি কিনো বৰ দুঃখ পাইলা।
ভুঞ্জিলা মহা নিকাৰ।
আমাৰ মনত তোৰা সকলক
নেদেখিবো আমি আৰ॥২৮॥