এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
[ ৩৩ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
আছিল আতা আমাব।
শঙ্কৰে বোলন্ত পূৰ্ব্বে কিয় মিছা
মাতিলা তেবে উদাৰ॥১১॥
নামেসে উদাৰ বোলন্ত তোমাৰ
উদাৰ চিত্ত নোহয়।
মহা পাপ মিছা নমাতিলা সাঞ্চা।
কিবা হেতু কহিলায়॥১২॥
মুখ চাইবে যোগ্য নুহিকে ইহাৰ
অল্প কবি হাসিলন্ত।
কৰি ক্ৰোধ দৃষ্টি উদাৰক পিঠি
শঙ্কৰদেৱে দিলন্ত॥১৩।৷
সম্মুখে শঙ্কৰ মুখ উদাৰৰ
মাস দিনো ন চাইলন্ত।
ৰাম-ৰাম গুৰু বাক্যে মাধৱৰ
পাছে ক্ৰোধ এৰিলন্ত॥১৪৷।
ভক্ত আগে মিছা বাক্য মহাপাপ
শঙ্কৱ দেৱে কহিলা।
সেহি দিন হন্তে অৰ্থক অনৰ্থ
উদাৰে মনে কৰিলা॥১৫॥
মনত হৰিষ শঙ্কৰদেৱক
নমস্কাৰ কৰিলন্ত।
মাধৱ শঙ্কৰ আনো ভকতৰ
হৰিষ মনে ভৈলন্ত॥১৬॥