পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰয়স্ত্ৰিংশ অধ্যায়

—তীৰ্থৰ বাটত—

শুনা সাধুনৰ আত অনন্তৰ
 যেন ভৈল কহোঁ তাঙ্ক।
যিটো যিটো সবে  বৃন্দাবন যাইবে
 শঙ্কৰে বোলন্ত বাক॥১॥
কৈয়ো কিছুমান  কাহাত কিমান
 খৰছা আছে প্ৰত্যেক।
যাত নাই আসি  এখনে কহিয়ো
 আমাৰে সিটো খাইবেক॥২॥
শুনি ভক্তচয় সমস্তে কহয়।
 যিমান যাত আছয়।
কেহোঁ কুৰি ত্ৰিশ  পঞ্চাশ চল্লিশ
 শতেকো কেহোঁ কহয়॥৩॥
কেহোঁ বোলে মোত  একো নাহিকয়
 শঙ্কৰে বোলন্ত তাঙ্ক।
শুনিয়ো মাধৱ জানিবা মনত
 পুষি নিবে লাগে আক॥৪॥

—মিথ্যাবাদীৰ শাস্তি—

কহিয়ো উদাৰ (১)  কি আছে তোমাৰ
 শঙ্কৰদেৱে পুছিল।


(১) উদাৰ গােবিন্দ নামৰ ভকত এজন