পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
[ ২৮ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধবদেৱ চৰিত

ধূৱাহাটা হন্তে শুনে লোক সমস্তয়॥১॥

-নৰনাৰায়ণৰ আসাম আক্ৰমণ-

গীত কৱিতা গুণ শুনয় ৰাজাৰ!
তাৰে ৰাজ্য যাইবে মন সমস্তে প্ৰজাৰ।
সেহি সময়ত নৰনাৰায়ণ ৰজা।
মাৰিবে আসাম ৰাজ্য সাজি গৈলা প্ৰজা॥২॥(১)
আগ হুয়া লোক পাছে কৰি বাৰ্ত্তা দিলা।
আপোন ইচ্ছায়ে লোক সমস্তে আসিলা॥
যাৰ যত বিত্ত নাৱ ভৰায়া আনিলা।
শুনা সবে আৰো যেন বৃত্তান্ত মিলিলা॥৩॥

-শঙ্কৰদেৱৰ ধূৱাঁহাটা ত্যাগ-

যেখন শঙ্কৰদেৱ নাৱত চৰিলা৷
দুগুটি ভকতে বহু কাতৰ কৰিলা॥
আমাক নিয়োক আতা যাইবোঁ নাৱ বাই।
শঙ্কৰে বোলন্ত উঠিবাৰো ঠাই নাই॥৪॥
নধৰয় নাৱ বোপা পাছত আসিবা।
খানিতেক থাকা আসিবাক নাৱ পাবা॥
এহি বুলি লৰিয়া শঙ্কৰদেৱ গৈলা।
বিষাদিত মনে তাৰ দুয়োজন ৰৈলা॥৫॥
মাধৱদেৱ যে ভটিয়াই আসিবেক।
তিনি গিৰি মিলি কিনিলন্ত নাৱ এক॥


(১) ১৪৬৮ শক বা ১৫৪৬ খৃষ্টাব্দ (কোচবিহাৰেৰ ইতিহাস- ১০২ পিঠি)