পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
২৬অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

আদেশত হাতীধৰালৈ মানুহ নিদিয়া খঙ্গত ভূঞাঁসকলক ধৰি নিবলৈ সন্দিকৈক পঠাই দিয়ে। তেতিয়া শঙ্কৰদেৱ প্ৰমুখ্যে ভূঞাঁসকল পলাই যায়। শেষত, মাধৱ আৰু হৰিক ধৰি নি, মাধৱক মুক্তি আৰু হৰিক বধ কৰোৰা হয়।

(গ) ভূষণ দ্বিজৰ চৰিত পুথিৰ মতামতো ওপৰত (ক) উল্লেখ কৰা কাহিনীৰ লগত মিলে। (ঘ) ৰামানন্দৰ গুৰুচৰিত্ৰ মতে, ভূঞাঁৰ

ফালে হাতী পলাই যোৱাত ভূঞাঁসকল ঘৰলৈ গুছি আহিল। এই বাতৰি শুনি ৰজাই ভূঞাসকলক ধৰি নিবলৈ সন্দিকৈক পঠায়। তেওঁ অহা খবৰ শুনি ভূঞাঁ সকল পলাই যায়। সন্দিকৈয়ে মনু আদি কেইজনমান ভূঞাঁক বন্দী কৰে। শঙ্কৰদেৱেও গতি বিষম দেখি পলাই যায়। মাধৱদেৱে শঙ্কৰৰ ঘৰৰ গৃহস্থ বুলি সন্দিকৈৰ হাতত ধৰা দিয়ে। শেষত বিচাৰৰ ফলাফল স্বৰূপে, মনুৰ প্ৰাণদণ্ড হয়। কেৱল মাধৱ দেৱে ভিখাৰী বুলি ৰক্ষা পায়।

ৰামানন্দৰ মতে শঙ্কৰৰ জীয়েকৰ নাম হৰিপ্ৰিয়া আৰু জোৱাঁয়েকৰ নাম মনু। কিন্তু অন্যান্য পুথিত, ইয়াৰ ওলোটাটোহে আছে।
ভূঞাঁহাটাত শঙ্কৰদেৱ থাকোতো সকলো ভূঞাঁ আহি তাত আছিলহি। শঙ্কৰদেৱৰ জোঁৱায়েক মনু (হৰি নামতকৈ মনু নামেই- বেচি সঙ্গত) তেওঁ-

লোকৰ ওপৰত শইকীয়া আছিল। সেইবাবেই চৰিত পুথিবিলাকত তেওঁক ধৰি নিয়াৰ কথা লিখিছে। ইয়াৰ পৰা এইটো বুজা যায় যে ৰজাই হাতী ধৰিবলৈ মানুহ বিচৰাত ৰাজ আজ্ঞা নামানি মানুহ নপঠোৱাই মনুৰ প্ৰধান দোষ। সেই কাৰণে মনু আৰু তেওঁৰ শহুৰেক শঙ্কৰদেৱ উভয়কে ধৰি নিবলৈ সন্দিকৈয়ে যত্ন কৰিছিল। শঙ্কৰদেৱ পলাই যোৱাত, মাধৱকে পাই ধৰি নিযে। হাতী পলাই যোৱা দোষত মানুহক প্ৰাণদণ্ড দিয়া বৰ অযুক্তিৰ কথা বুলি অনুমান হয়।