এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জয়মতী-কুৱঁৰী

ছদ্ম বেশ ধৰি তেওঁ ছাপিলেহি আহি
হৃদয়-স্যমন্ত-মণি কাষে স্বভাৰ্য্যাৰ
আত্ম পৰিচয় নিদি সোধে কেবাবাৰ
কিয় হে’ৰ আই, ভূঞ্জিছ যন্ত্ৰণা দেহি।
ক’ত আছে গিৰিহঁত কই দে অ’- আই!
নেখাবি দুৰন্ত শাস্তি ইহেন দুৰ্ঘোৰ,
নোৱাৰে সহিব হে’ৰ পথিকো পথৰ
খণ্ডিব সকলো কষ্ট, নহ’ব দুনাই।”
নকৰি অলপো কাণ ইষাৰ কথাত
উপদেশ ছলে যিটো জনালে গোহাৰি,
নকৰিলে তেওঁ ফালে কটাক্ষৰো পাত,
চিন্তি মনে স্বামী প্ৰভু জগতৰি॥
পুনু ঘূৰি আহি তেওঁ কলেহি দুনাই
উগ্ৰ শাস্তি দেখি, মন শাঁতিব নোৱাৰি
অপোনাৰ অৰ্দ্ধাঙ্গীক, সম্বোধি বেচাই
কই দে অ’—আই তই স্বামীৰ বাতৰি।”
চিনি পাই এইবাৰ, স্বামী দেৱতাক,
যি জনৰ হন্তে তেওঁ, যন্ত্ৰণা মহত
সহিছে নকৰি কাণ অলপো মনত
নিজে ধৰা দিয়ে ভাবি লগালে মাতক।
“কোনেনো মাতিছে হেৰা তোমাক ইথানে
গুচিবা নোযোৱা কিয ইথানৰ পৰা
গৃহস্থৰ কথা মই নকওঁ জীৱনে
ইসৱ কথাত যেন মোকে ক্ষমা কৰা”