পৃষ্ঠা:চুপহি.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিকুণ কলীয়া হেৰা কৰি গুণ গুণ।
ফুলনি সোমাই বাৰু, চুহি মউফেৰি॥
ৰাতি পুৱা-ছেগা কিয় কৰিছা গমন।
এটি ফুল এৰি গই সিটি ফুলে পৰি॥
ফুলৰ পৰাগে অঙ্গ কৰি সুশোভিত।
সুবাচে পুৰিত দেহা তাতে ৰূপে চাৰু॥
আলিঙ্গা যতই ফুল আছে সিজুপিত।
মানাহা নকৰে কেৱে যেনে স্বামীগুৰু॥
ঈশ্বৰৰ অভিপ্ৰেত আছে কোনো কাজ।
ইটো অৰ্থে গতি তৱ অবাধ ফুলত॥
সাধা সম্বৰ্দ্ধন কাজ যেনে জীৱ মাজ।
একোটা নিয়মে বন্ধা এটাইকে জাতি॥
পাৰ্থক্য মাথোন দেখা উদ্ভিদ কুলত।
মিহলায় স্ত্ৰী-পুং-ৰজঃ ভোমোৰা মৌগুটি॥