কোনােটী বা একেঠিৰে, আছে ঠিয় হই বই।
সবিতা দেৱৰ ধ্যানে সূৰুয মুখীয়া হই॥
সংযমী নিজৰ ৰূপ নয়ণ মুদ্রিত কৰি।
মাটিছে ঈশানে কৰা মােক অভেদ্য শৰীৰী॥
নােৱাৰে ভেদিব যাতে সিদ্ধিলাভ কৰােমানে।
যেৱে মােৰ বিয়াপিব সিদ্ধিৰ সৌৰভ প্ৰাণে॥
একেবাৰে জুৰি দিশ পদুমনী জিলিকাই ।
সুধিৰ মাতৃৰ ঋণ মাতৃ মুখ পোহৰাই ॥
পালিম কঠিন ব্ৰত সঙ্গ মুখ পৰিহৰি।
থাকিম মলিন হই সিন্ধিৰ দিনক ধৰি॥
কোনােটী বা কোনাে ঠাই শত পত্র মহিগই।
আছে মাত্র চকা বাকী কালে মধুৰ হােৱয় ॥
প্রস্ফুটিত কোনােচ তলমুৱা কৰি।
ধৰে যেন শ্বেত ছত্র জননীৰ শিৰােপৰি ॥
কোনােটীবা জলে পৰি কৰিছে বিলাপ দেহি।
“উলিয়াব নােৱাৰিলো আইৰ মুখৰ হাঁহি॥
চকুপানী বহে ঘনে, তিয়াই শৰীৰ খনি।
টোপাল লোতক জ্বলে হিয়াৰ আভাষ জিনি॥
আৰু কোনােস্থানে দুটী নতুন পদুম-কলি।
গাৱে গা লগাই কৰে ইটে সিটে কোলাকুলি ॥
দেৱাঙ্গ পদুমনীৰ একাষে মুৰত থাকি।
প্ৰেমৰ পুতলা হেন খেলে দুয়াে লুকালুকি॥
সেউজীয়া বস্ত্ৰ পিন্ধি কমলিনী পুত্ৰৱতী।
কোনােৱে সাবটি ধৰে দেখি বঙ্গে মগ্ন অতি॥