পৃষ্ঠা:চুপহি.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
পদুম আরু পদুমনী।

শৰত বাৰতা পাহি পদুমনী হহুহায়।
ফুলিছে অসংখ্য ফুল-দশো দিশ আমোলাই॥
ৰমকি জমকি হই-পদুমনী সুপুতাৱে।
আকৰ্ষি সবাৰ মন ইটো দিশি-যিটো চাৱে॥
একে শ্যাম কলেৱৰা, শুকুলা পোৱেৰে ভৰা।
কিনো শোভে সেই থলী, যেনে নীলাকাশে তৰা॥
আনিছে বলাই কতো, মৌপিয়া ভ্ৰমৰ মাখি।
সাবটি সাবটি পুনু চুমিছে পদুম আখি॥
প্ৰেম-আলিঙ্গন-সুখ কৰে প্ৰকাশ গুঞ্জৰি।
অস্ফুট মধুৰ ধ্বনি, উঠে ইটো ঠাই জুৰি॥
কিবা শোভা ধৰে ঠাই, ৰাতি পুৱা ছেগে ইটো।
মন প্ৰাণ হৰে এই, ৰম্যস্বৰী দেশে যিটো॥
মলয়াৰ বাতবয় মৃদুমন্দ গতি ধৰি।
যাবকে নোখোজে যেন, ইটো থান পৰিহৰি॥
পদুম পৰাগ তুলি, নিয়ে বাতে অন্য স্থানী।
পৰ-দ্ৰব্য লুটি নিজে, হোৱে গোন্ধে মলমলি॥
নাচিছে কোনোটী ফুল, বতাহৰ লয়লাসে।
নানা ভঙ্গী ধৰি যেন মাতিছে সবাতে কাসে॥
“তৃপিতি কৰোৱা চিত, ভুঞ্জি মোৰ যত গুণ।
অকাতৰে খুলি দিছো হিয়াৰ দুৱাৰ খন॥
সুৱৰ্ণ বৰণ জিনি হৃদি মোৰ সিংহাসন।
চৌদিপে আছয় কত পীত ধৱল নিচান॥
শ্যাম পদুমনী মাজে, ৰূপে অতিকই শোভে।
ধৱলী হিমানি যেনে, টিঙ্গে বিমল প্ৰতিভে॥