পৃষ্ঠা:চুপহি.djvu/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পদুম আরু পদুমনী

বৰষা ঋতুৰ অন্ত শৰত-গগণে আহি।
মাৰিছা ভুমুকি লই লগে নগৰীয়া বাঁহি॥
কলা ডাৱৰৰ ভাগ ক্ৰমে হল তিৰোহিত।
আছে যি অলপ আৰু নোহে অতি সুমহত॥
জিলিকয় ইটো ভাগ ধৱলী পৰ্বত যেনে।
আকাশৰ কতো অংশ ঘনে সূৰুয কিৰণ॥
গোলাপী ৰেখাৰে ৰচা ডাৱৰৰ প্ৰান্ত ভাগ।
শোভে যেন শুক্লব্ৰস্ত্ৰ গুণা-পাৰি দিয়া আগ
নই জান খাল বিল আদি যত পুখুৰীৰ।
ক্ৰমে জল নিৰমল ধাৰ যেন স্ফটিকৰ॥
বিন্ধ্য-বাতা-পি-মৰ্দন-দেৱ দেখি নীলাকাশে
হইছে উদয় যোনে প্ৰকাশি দক্ষিণ দিশে॥
ফুলিছে কঁহুৱা হাঁহি মিৰদু বতাহে বলি।
ঋতু-ৰাজে যেন কৰে চামৰ বাজন চলি।
সুগন্ধি সেৱালী ফুলি দিছেহি জাননী আহি।
দুখ বৰ্ষা অন্তে দেখা সুখ-শৰত-চুপহী॥
সৰোবৰ পুখুৰীত আলিৰ কাষত থকা
খালে বিলে পদুমনী যেন জেউতিৰ জকা॥