পৃষ্ঠা:চুপহি.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
দুটি বাট।

হায় বিধি কি কৰিলে দয়া নুপজিলে।
নিগমে ডুবিলোঁ মই বিপাকে পেলালে॥
হাত নসৰালা প্ৰভো শতুৰুৰ হন্তে।
থকাসৰকা হিয়া মোৰ জোঙ্গৰ খোছনে॥
কিয় দোষো ঈশ্বৰক ইটো কাজে মোৰ।
ময়েই প্ৰকৃত দোষী দুৰ্ঘোৰ পাপৰ॥
জ্ঞান ৰূপী শিৱ তেওঁ আছে সৰ্ব্ব ঘটে।
ষড় বিপু বশে পৰোঁ নুশুধি সঙ্কটে॥
জ্ঞানৰ ছালনে যদি চলিলোঁ সততে।
নোৱাৰিল হেঁতেন তেনে পীড়িৰ বেগতে॥
মোহিনী মূৰতি ধৰি মায়াবিনী যেনে।
মোহে নানা প্ৰলোভনে ষড় ৰিপুগণে॥
নীৰস পৰাণ বুলি জিতেন্দ্ৰিয় জনে।
কতনো গৰিহা আগে কৰিলো সঘনে॥
বুজিলোঁ এতিয়া মূল্য তেওঁৰ কিমান।
সহস্ৰ সহস্ৰ গুণে শ্ৰেয় সিতো জন॥
নহয় পথিক তেওঁ যিটো বাটে আমি।
হেৰালো চেতনা গই নেভাবি নগমি॥
কঠোৰ কঠুৱাঁ মুখে দেখি অতিকই।
নুহুহকিল এখোজো সিটো বাটে গই॥
ইটো বাটে কতোদুৰ আগুৱাই তেওঁ।
দেখায় যতই মানে সুগম সবাও॥