পৃষ্ঠা:চুপহি.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
দুটি বাট।

ইটো পুৰবাসী যত কৰে হাহাকাৰ।
ভুঞ্জায় উচিত ফল কাজ চাই তাৰ॥
নোৱাৰে সাৰিব কেও কৰ্ম্ম-ফল ভাগ।
ৰজা-প্ৰজা দুষ্ট-সন্ত সৱাৰো অভ্যাস॥
সদাই উত্তাপ তাত নাই ছেদ-ভেদ।
শৰীৰ শতোৱাঁ বাট সবে কৰে খেদ॥
অতি মাত্ৰ দুঃখ শোক হাত নসৰায়।
সদাই ভেদিছে হিয়া অনু শোচনায়॥
অধিবাসী লোক যেনে ভুঞ্জে মৰুভূমে।
জাৰ জহ অতিকৈ ৰাতি দিন কমে॥
কোন স্থানে কত লোক হই বিয়াকুল।
খলকি লগাই ঠাই কান্দাই স্বকুল॥
একেটিৰ কৰ্ম্ম দোষে হইছে যন্ত্ৰণা।
পুলি-পোখা আদি কৰি নথৈ লাঞ্চনা॥
লভয় দুৰ্ঘোৰ শান্তি ইটো পুৰবাসী।
যমৰ যন্ত্ৰনা দেহি নৰক চৌৰাশি॥
পুৰীত প্ৰবেশ লাগে কপটী চলাহে।
আনিলে কুবাটে লই পেলাই হেপাহে॥
পথৰ দৰ্শক আহি হল বৰ-বেজ।
লোভ, মোহ আদি কৰি-ধৰি উগ্ৰতেজ॥
প্ৰলোভন দেখুৱাই কথাৰে ভুলাই।
নিলেহি বেচেৰা দেহি অবাটে চলাই॥
প্ৰথমতে ইটো পথি গমিব নোৱাৰি।
তাঁহাতৰ মনোভাব জাল চন্দোৱাৰি॥