পৃষ্ঠা:চুপহি.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
চুপহি

যাৰ আছে আত্মবল সিটো যায় ইতে।
নকৰে অলপাে আশ পৰৰ কাষতে॥
বিবেকক শুধি-পুছি ছলে যিটো সিটি।
সৰুবৰ যত কাম হয় উপস্থিতি॥
আত্ম প্রাণ সপি দিছে সত্য অর্থে যিটো।
বিঘিণি আপদ থই কাতি কৰি যতাে ॥
এমুঠিয়া হই যদি সকলােৱে মিলি।
কৰয় অহিত তাৰ মিছা বাটে চলি॥
তথাপি নােৱাৰে নিব সিজনে ঘৰাই।
তিলেকও আওবাটে ক্ষন্তেক সময়॥
নকৰে অলপো ভয় ঈদৃশ পুৰুষে৷
দোষ দেখা মাত্র কাৰো আগতে প্রকাশে॥
সমাজে কৰয় যদি কাম গৰহিত।
একাকী বিৰোধী থাকি নােহে বিচলিত॥
লােকৰ গৰিহা আদি ইটো অর্থে তেওঁ।
যত কষ্ট হব পাৰে সহয় সবাও॥
দুঃখ শােক লাঞ্ছনাত নহয় বিহ্বল।
ঈশ্বৰক হৃদি ভাবি হোৱয় সবল॥
কাম ক্রোধ লােভ মােহ আদি ৰিপুগণে।
ৰাখিছে দমাই যিটে যাই সিটো জনে॥
পৰৰ শত্রুতা যিটো সহজে নােৱাৰে।
ঘৰৰ শত্রুতা যিটো খন্তেকতে কৰে॥
ছয় ৰিপু দশেন্দ্রিয় দমাই যি জনে।
এক ছত্ৰী ৰজা তাৰ নহয় তুলনে॥