পৃষ্ঠা:চুপহি.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুটি বাট ৷



“বিবেকী পুৰুষ তুমি সকলোৱে কয়।
সুপথ কুপথ দুটী দিয়া দেখুৱাই॥
অজ্ঞান এন্ধাৰ ভৰা নাই দিশ জ্ঞান।
গুৰু হই কৰা মোৰ তিমিৰ নাশন॥”
ললাহি শৰণ তুমি মোৰ ওচৰত।
মন পাৰি শুনা কথা তোমাৰ ঈস্পিত॥
কাইটেৰে ভৰা অতি সংকীৰণ ঘোৰ।
সোওঁহাতে যিটি বাট দেখিছা তোমাৰ॥
নোৱাৰে চলাব য’ত এখোজ ভৰিও।
আওকাণে ইটোবাটে খন্তেক মানও॥
প্ৰতি পদে পদে বাটে, কতনো বিঘিনি।
চাই-চিন্তি নকৰিলে, মিলয় তেখনি॥
লোঙ্গৰ দুকাষে অতি গহীন কাঠনি।
সমুখত ঠায়ে ঠায়ে জোপা বিৰিঙ্গানি॥
নোৱাৰি তৰ্কিব একো সমুখত কিটো।
সাপ বাঘ আদি কৰি পৰি থাকে যিটো॥
বনৰীয়া হাতী ঘোঙ্‌ কাঠনি মাজত।
নেদেখয় একোটোকে গছৰ ছাটত॥