পৃষ্ঠা:চুপহি.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চুপহি।

হিয়াৰ কাতৰ ভাৱ কথাৰে দেখুৱাঁ
জানি তেওঁ আগমনে দুখ কৰি মনে
গ্ৰহ-তৰা-চন্দ্ৰ-সূৰ্য্য উদ্দেশি পৱনে
প্ৰণতি জনায় কয়, যেন সাক্ষী ৰোৱা।
শোকৰ উচ্ছাসে দেৱে কণ্ঠ ৰুদ্ধ হই
একোকে নকই আৰু, উভতি চলিল
মনে ভাবি ইটো জীৱ, মোৰ হন্তে হায়
মৰণ নিচয় বিধি, কিনো যে কপাল।
পতিক পঠাই পাছে থাকি কতো দিন
শাস্তি খাই এই দৰে পতি পদ ভাবি
ইহলীলা সাঙ্গকৰি, কৰিলে গমন
অক্ষয় স্বৰগে, যত সতী সাধ্বী দেবী।
ধন্য দেবি ধন্য তুমি তৱ কিৰ্ত্তী গুণে
ঘৰিছে সতত নাম পৃথিবী ভিতৰে
শাস্তি যন্ত্ৰণাৰ ঠাই তোমাৰ কাৰণে
হলহে পৱিত্ৰ আজি দেৱ মন্দিৰেৰে।
ঘৰুৱা পৰুৱা হেৰা আদি যত জন
তৱ নাম ধৰি সৱে, সোৱঁৰে তোমাক
যিটো ভৰি দুটি আহি কৰিছে অৰ্পণ
জয় সাগৰৰ পাৰে, পাহৰে সবাক৷
কতনো মানুহ গই, পুখুৰী পাৰত
জুৰাই শৰীৰ ভৰা পথৰ ভাগৰে
বহি জয়স্তম্ভ কাষে মনৰ সাধেৰে
কতোবা বৰৰ তলে শীতল চাহঁত॥