পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 মই বহুদিনৰ পৰা পুৰাণ আৰু ইতিহাস পঢ়ি পঢ়ি ইয়াকেইহে পাইছোঁ যে, প্ৰাচীন আৰ্য্য জাতিৰ মূল জ্ঞান পৃথিবীৰ সদৌ মানৱ জাতিয়ে ক্ৰমে শিক্ষা কৰি জ্ঞানী আৰু সভ্য হৈ পৰিছে, মনুত লেখা আছে, “এতদ্দেশ প্ৰসূতস্য সকাশাদগ্ৰ জন্মনি স্বং স্বং চৰিত্ৰম্ শিক্ষেৰণ পৃথিব্যাং সৰ্ব্ব মানবা”। পৃথিবীৰ সৰ্ব্বমানৱ জাতিক আচাৰ চৰিত্ৰ আদি জ্ঞান শিক্ষাৰ নিমিত্তে ভাৰতৰ আৰ্য্য জাতিয়ে এদিন আহ্বান কৰিছিল, আজি ভাৰতত সেই আৰ্য্য জাতি কালৰ ঢৌত একেবাৰে লুকাল। আমি এতিয়া প্ৰাচীন যুগৰ সভ্য বোলোৱা জ্ঞান আৰু সভ্যতা পাহৰি এনে বিশৃঙ্খল হিন্দু জাতি হৈ পৰিছোঁ যে, আমাৰ ভিতৰত দেশ-প্ৰেম আৰু একতাৰ অতিশয় অভাৱ হৈ পৰিছে, এই নিমিত্তে মই হিন্দু নামটিৰ মানে কৰোঁ দ্বৌ গুণৌ হিনৌ হিন্দু, হিন্দু শব্দৰ দীৰ্ঘ ঈকাৰ নহৈ হ্ৰস্ব ইকাৰ হোৱা মই ভুল বুজোঁ। আমাৰ ভিতৰত এটি বৰ দোষ হৈ পৰিছে যে, আমাৰ ইংৰাজী শিক্ষিত ডেকা সকলে বৰ্ত্তমান ৰামায়ণ, মহাভাৰতৰ কথাকে কব নোৱাৰে, ইউৰূপৰৰ ফালৰ পুৰাণ আৰু বুৰঞ্জীকেহে সচাঁ বুলি মানে। অনেকে ইংৰাজী পঢ়ি ৰামকো নথকা পাতে শ্ৰীকৃষ্ণকে নথকা পাতে আৰু মহাভাৰত ৰামায়ণৰ সকলো কথাকে কবি কল্পনা পাতে। এই