এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
চিন্তা-তৰঙ্গ।
অতনো কাকুতি মিছাতে কৰিলে,
নিছিঙ্গিল বান্ধ তথাপি ৰোহৰ।
জগৰীয়া বায়ু ভাগৰি পলাল,
পাত ঔ তগৰ লগালি জগৰ।
ৰঙ্গা বেলিটিৰ তেজ বই পৰা
মুখে দৰশন পূৱত দিলে,
হেঙ্গুলী হাঁহিৰে বিলনি হাঁহিলে
কোনেনো ইদৰে ৰহণ আঁকিলে
নতুন পাতৰে শোভিত নাহৰ
পাতৰ জেউতি জিলিকি উঠিল
পাতে পাতে যেন একোটি বালক
সূৰ্য্য আহি আহি ইয়াত উদিল।
মনত কৰিছে যেন এই আশা
চাবলৈ বাসন্তীৰ মঙ্গল বিয়া
ইঙ্গিতেৰে যেন কইছে নিলাজীক
চকু মেলি হেৰা এবাৰ চোৱাঁ।
কোনো মতে ৰোঁহ ভাঙ্গিব নোৱাৰি
খঙ্গে আকাশলৈ তপন গল,
খঙ্গৰ অনলে শৰীৰ দহিলে,
লাখ বেলি মিলি একোটি হ'ল।