পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
চিন্তা-তৰঙ্গ

কাৰ্থেজ, মিছৰ, গ্ৰীছ পুৰাতন ৰোম
বুলিছিলে সকলোকে অজ্ঞান যৱন
নিজক দেৱতা পতা আনক অসুৰ
কলৈ গল আজি মোৰ সন্তান সিবোৰ?
যত ঋষি মুনিমানে আছিল বামুণ,
ব্ৰহ্মবাদী, সত্যবাদী ধৰা নৱগুণ
এক ধৰ্ম্ম এক প্ৰাণ সৱাৰো আছিল,
সহস্ৰ ধৰম আজি কিয় বিয়াপিল?
একতা ডোলেৰে বন্ধা সকলো সন্তান,
পৰাক্ৰমী আৰ্য্য বুলি আছিল বখান,
ইহঁত কিয়নো হ’ল আজি থান-থান?
ইজাতিয়ে কৰে মোৰ নামৰ দুৰ্ণাম।
কি দেখিবা যুৱৰাজ আজি ভাৰতত
দুৰ্ব্বলতা পূৰ্ণ মিল নাই কাৰো মত,
পশ্চিমৰ ঢৌৱে এৱে তোলপাৰ কৰি
নেৰাখিছে একো মত থান থিত ধৰি।
পতিব্ৰতা বীৰবালা ভাৰত ললনা,
অৱনীত নাই যাৰ নামৰ তুলনা,
আজি ঘৰে ঘৰে সৱে মূৰ্খতা দোষত
সোমাই সোমাই আছে এন্ধাৰ কোঠত।
কি কম কোৱঁৰ মই মনৰ বেজাৰ।
আছিলো এদিনা হায় ৰত্নৰ আগাৰ।