পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
চিন্তা-তৰঙ্গ।

পূৰ্ব্ব পিতৃ-পুৰুষৰ এনুৱা জাতিয়ে
 কৰে নাম লোপ হৈ কুপুত্ৰ সন্তান,
স্বদেশদ্ৰোহিতা মাত্ৰ ধৰ্ম্ম হয় তাৰ
 লজ্জাহীম নাই তাৰ নিজৰ সন্মান।

স্বদেশীক কৰে হিংসা, নসহে উন্নতি
 দেখিলে সি নৰে, যাৰ অধম জীৱন।
এনে লোক যি দেশৰ লেখত অধিক
 নাসাধে ঈশ্বৰে ভাল সি দেশ কাৰণ।

গিৰিৰাজ, আসামৰ ময়ো যে এজন
 এনে বিধ মানুহৰ লগৰ মূৰতি,
ই কাৰণে বিদেশীয়ে ই দেশক হাঁহে
 কৰিছেহি যি সকলে ইয়াত উন্নতি।

শিক্ষিত অশিক্ষিত দুবিধ সমান।
 দেখো অসমীয়া স্বভাব লোকৰ
পৰশ্ৰীকাতৰ, গুণ খিয়লা-খিয়লি
 নাই যে সহানুভূতি মিল পৰস্পৰ।

আৰু দেখো অসমীয়াৰ এটি কুলক্ষণ
 সহিব নোৱাৰে গুণ কাৰো বখানিলে,
নিন্দা যদি কৰা যায় কোনোবা লোকৰ
 বৰকৈ ৰং পায় হাঁহে তাক শুনিলে।