পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
চিন্তা-তৰঙ্গ।

তোমাক দেখিলে গিৰি মনে ৰং পায়
  ভাবোঁ যেন পাতোঁ মই তোমাৰে মিতালি
কিন্তু আজি হিয়া মোৰ তেনে ওখ নাই,
 দেশ দোষ, তাক তই তললৈ নমালি।

কৰিছিল এদিন মই হৃদয় বহল
 তোমাত কৈ ওখ যেন অতিশয় বৰ,
সদৌ পৃথিবী তাত ভৰাব যেন পাৰোঁ
 কিহে এনে আশা মোৰ আজিকৰে লৰ?

কিয় এনে আশা ভগ্ন মোৰ গিৰিৰাজ,
 হ’ল তাক কওঁ মই তোমাক নীৰলে,
জন্ম মোৰ অসমত মনুষ্যত্ব হীন
 দেশ দোষে চপৰালে মনক তললে।

নাপালোঁ হায় এটি বন্ধু এই অসমত
 যাক দেখি মোৰ মন হয় পুলকিত
যাৰ উৎসাহৰ বাক্যে মোক ওখ কৰে,
 কৰিবলৈ জীৱনৰ সংকল্প সাধিত।

কি কম হে গিৰিৰাজ বেজাৰৰ কথা,
 যাকে দিওঁ হিয়া মোৰ সেয়ে ওলটায়,
প্ৰেমৰ সলনি পাওঁ ঘিণ পুৰস্কাৰ
 ইয়াত হে মনে মোৰ বৰ দুখ পায়।