পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিন্তা-তৰঙ্গ।

শুনিলো এনেতে মই কোৱা এই কথা—
 মেঘৰ গাজনি দৰে গিৰিৰ উত্তৰ,
“কৰ পৰা আহিছহে তই নৰাধম,
 কিয় সোৱঁৰালি কথা অতিকৈ দুখৰ?

অভাগিনী ভাৰতৰ হোৱনে সন্তান।
 নহলে সুধিবি কিয় আৰ্য্যৰ কাহিনী?
নাই তোৰ গাত কিন্তু আৰ্য্যৰ আকৃতি
 গুণত আৰ্য্যৰ দৰে সাহে অগ্ৰগামী।

কি সুধিছ ভাৰতৰ নাই সেই দিন,
 ধৰ্ম্মহীন জাতি আজি ভাৰত-সন্তান,
হীনবীৰ্য্য কাপুৰুষ মন বৰ ঠেক
 প্ৰেমহীন স্বদেশলৈ পৰম অজ্ঞান।

কোন আছে এনে জাতি পৃথিবীত
 বিদেশীয়ে দিছে নাম যাৰ আজি হিন্দু,
নানা জাত নানা ধৰ্ম্ম মিল নাই কাৰো
 মনুষ্যত্ব হীন যাৰ প্ৰেম নাই বিন্দু!

সুধিছ মোক হিন্দুৰ অতীত গৌৰৱ,
 কওঁ শুন এতিয়াহে এক এক কৰি,
ইয়াতেই শোভিছিল বৈজয়ন্তী ধাম
 নানাৰূপ আলোকৰ সদা চিত্ৰ ধৰি।