পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিন্তা-তৰঙ্গ।

শুনি ই অমিয়াসনা সুৰৰ লহৰি
 নিজেকে পাহৰি মই গলোঁ এই বেলা,
এনেতে কিহৰ এটি কান্দোন ধ্বনিয়ে
 ভাঙ্গিলে মনৰ মোৰ আনন্দৰ খেলা।

ৰিণি ৰিণি শুনা যায় বিলাপৰ ৰোল
 কৰ পৰা উঠে ইটো নিৰণয় নাই—
“পাপৰ অমানিশাই আজি ভাৰতৰ
 গিলিলে সকলো পিনে সত্যক লুকাই”।

কলৈ গ'ল আৰ্য্য জাতি নাই চিন-ছাব
 কালৰ কৰাল মুখে সৱাকো গ্ৰাসিলে;
মহা জ্ঞানী ঋষি যত আজি কলৈ গ’ল,
 বিষাদৰ ছবিটিহে কালে থিতাপিলে।

নাই আজি যজ্ঞ ধূম আৰু বেদধ্বনি
 তুলি আকাশত ঢৌ ঋষিবালা-গানে,
কেতেকীৰ সুমধুৰ সুৰেৰে মিলাই
 গাইছিল নিজৰাৰ শব্দ তালে তালে।

চেৱে চেৱে নাচিছিল চালি দি ম’ৰাই,
 শলাগিছিল কুলিয়ে কুহু কুহু কৰি;
ধৰিছিল [১] গুৱলাই সপ্তমত ৰাগিণী,
 হয় দিয়ে হেটুলুকা ঠেও ধৰি ধৰি।


  1. * গুৱালা চৰাই