পৃষ্ঠা:চিন্তা-কলি.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
চিন্তা-কলি

ভয় নকৰে, ইহঁতৰ লগত সুন্দৰ হৰিল-গৰিল মিতিৰালি কৰি সুখে সুকলমে দিন নিয়ায়। সেই জীৱবোৰে ইহঁতৰ কিলক কিল বা চৰক চৰ নোবোলে সিহঁতৰ মানত সেইবোৰ কেৱল মৰমৰ চোকা চুমা। কোনো কোনো বলীয়াৰে বন্দীশাল ভাল পায়, তাৰপৰা উলিয়াই দিলে ওলাই যাবলৈ মান্তি নহয়। এই শ্ৰেণীৰ জীৱবিলাক সেই বন্দীয়াৰবিলাকৰ নিচিনা নে কি? আন জীৱবিলাক যেনেই বা নহওক, মোৰ জীৱটো তেনেকুৱা নহয়, তেনেকুৱা হলে ভাল পালোঁহেঁতেন। মোৰ পক্ষে কিলবোৰ কিল, চুমা নহয়। সেই কিলত মোৰ হাড় জুনজুনীয়া হল।

 লোভ-মোহৰেই বা দোষ কি? সিহঁতৰ কথামতে চলিলেতো সিহঁতে হোঁ কটাও নোবোলে। সিহঁতৰ মতে চলিব নোৱাৰোঁ কিয়? সেইটো কাৰ দোষ? মোৰ নে আন কাৰবাৰ? মই কওঁ, মোৰ নহয়, আন এজনৰ, লুকাই থকা এজনৰ দোষ। মই সিহঁতৰ পাচ ধৰিলে লুকাই থকা জনে হাক দিয়ে আৰু কয় হেনো মোক সিহঁতে ভুৰুকিয়াই খালত পেলাবৰ দিহা কৰিছে। এনে কথা শুনিলে ভয় লাগে, ভয় লাগিলে নাযাওঁ, নগলেই কিল-আসোঁৱাহ অশান্তি। কেতিয়াবা লুকাই থকা জনৰ হাকলৈ আওকাণ কৰি যাওঁ, তেতিয়া কিন্তু কথা আৰু টান হয়। লোভ-মোহ শাস্তি সহিব পাৰি, কিন্তু লুকাই থকা জনৰ শাস্তি সহিবলৈ টান। তাৰ শাস্তি জুই। কেনে জুই? যি জুয়ে কেৱল পোৰে,