পৃষ্ঠা:চিন্তা-কলি.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
চিন্তা-কলি।

মই সৰুৱে থকাত সিহঁতো সৰু আছিল, তেতিয়া সিহঁতৰ বিহদাঁত গজা নাছিল। খং আছিল খন্তেকীয়া, হিংসা মাথোন দুদিনীয়া, কূৰ্চ্চূট কপটৰ চকুৱেই ফুকুৱা নাছিল। তেতিয়াও সিহঁতে অশান্তি কৰিছিল, কিন্তু সেই অশান্তি চেলাপেটী জোকৰ নিচিনা লেপেট খাই ধৰা বিধৰ নাছিল। তেতিয়া সিহঁত অনুৰূপীয়া বৈৰী, ডাঙ্গৰাহোনি কৰিব নোৱাৰিছিল। সিহঁতৰ শাস্তিৰ ভিতৰত চিকোট বাঁকোহেই সাৰ আছিল। মই ভাবিছিলোঁ মই ডেকা বয়সত সোমালে, সিহঁতৰ উদ্বহতি অত্যাচাৰ কমি যাব। কিন্তু সেইটো মোৰ ভুল। মোৰ লগতে সিহঁতো ডেকা হৈ উঠিল, আৰু গাত দুগুণ বল বান্ধিলে। তেতিয়াহে সিহঁতৰ উদ্ভণ্ডালি বেছি হল। আগেয়ে সিহঁত নিশাটো শাত হৈ আছিল, এতিয়া দিন নিশাৰ ছেদ-ভেদ গুচিল। নিশা মোৰ টোপনি আহে, সিহঁতৰ নাহে, মোক শাস্তি দিবলৈ সিহঁত গোটেইটো ৰাতি সাৰে থাকে। সমাজিকতনো সিহঁতে মোক কোনটো শাস্তি দিবলৈ বাকী এৰিছে। একো দিন উচাপ্, খাই সাৰ পাওঁ, যেন মোক বাঘে কি সাপেহে খাবলৈ ধৰিছিল, যেন মই ভয়তে অথিৰ হৈ পৰিছিলোঁ। চোৱাচোন, এনেবোৰ ফাং পাতি মোৰ জীৱটোক অকাৰণে ইমান দুখ দিব পায় নে? ৰাজৰ বৈৰী ভাল, সিহঁতৰ হাতৰপৰা লৰ মাৰি সাৰিব পাৰি। ইহঁত ঘৰ-ওপজা বৈৰী, ইহঁতৰ হাতৰপৰা সাৰণ নাই। ইহঁত অজামিল। কেতবিলাক জীৱ আছে, সিহঁতে ইহঁতক