ওপৰে ওপৰে নাচি ফুৰে। আমাৰ নাওখনো যেন ঢৌৰ ওপৰে ওপৰে নাচিহে ফুৰিছে। এইদৰে কিমান পৰ আছিল কব নোৱাৰোঁ। তেতিয়া এযুগ যেন লাগিছিল। কিবা কাৰণত বতাহে শাম কাটিলে। কিন্তু নৈৰ খলকনি আৰু নাৱৰ ঢোলোকনি ভালেমান পৰলৈকে আছিল। অৱশেষত ঢৌও সৰু হল, নাৱো থিৰ হল, আৰু আমিও শান্তি পালোঁ।
মোৰ জীৱটোও এইদৰে ঢৌত পৰিছিল। নৈৰ ঢৌ সামান্য? মোৰ জীৱটো যি ঢৌত পৰিছিল, তাৰ লগত ৰিজালে সেই ঢৌ লেখত ধৰিবলগীয়া নহয়। লোভ-মোহকে আদি কৰি ছটা পিশাচে মোক জীৱনৰ আদিতে লগ ধৰিলে, লগ ধৰি যিটো প্ৰলয় ধুমুহা তুলি দিলে, মন-সাগৰত একেবাৰে তোলপাৰ লাগি গল। একো একো ঢৌ হিমালয় সদৃশ; তাৰ গৰ্জ্জন, তাৰ আস্ফালন দেখি জীৱ ভয়ত বিতত হৈ পৰিল। ঢৌৰ কোবত সি এবাৰ হামখুৰি খাই পৰে, এবাৰ চিত হৈ পৰে, এবাৰ সিমূৰলৈ বাগৰি যায়, এবাৰ ইমূৰলৈ বাগৰি আহে। এইদৰে নিকৰুণ পিশাচ কেইটাই মোৰ নিমাখিত, নিছলা জীৱটোক জুলুকি জুলুকিকৈ শিকালে। মই যদি মানুহৰ পোৱালি হওঁ, ই শিকনি মই কেতিয়াও নাপাহৰোঁ। সিহঁতৰ কিল টাঙ্গন, সিহঁতৰ চৰ খকৰা-মুকুটি পাহৰিব লগীয়া বস্তু নহয়। সিহঁতে মোক কি নকৰিলে। সিহঁতৰ চমটাৰ কোব, সিহঁতৰ বা-বাঁহৰ চেপা, ইপুৰিৰ কথাকে নকওঁ, সিপুৰিত যে পাহৰিম, এনে কথাও হব