পৃষ্ঠা:চিন্তা-কলি.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
চিন্তা-কলি

বেলেগ এটা। মানুহৰ অন্তৰত প্ৰথমে শ্বাস জন্মাই দিয়া শক্তি এটা, আৰু সেই আদি শ্বাসৰ গুণত পাচত যিবোৰ শ্বাস জন্মে— অৰ্থাৎ মানুহৰ আয়ুসটো— সি বেলেগ এটা। কিন্তু চুলনি শলা লৰাই দিয়া আদি শক্তি আৰু ঘড়ীৰ পাচৰ গতি, এই দুইৰ ভিতৰত পাচত গৈ কোনো ভেদাভেদ নোহোৱা হয়। সেইদৰে মানুহৰ প্ৰথম শ্বাস জন্মাই দিয়া আদি শক্তি আৰু পাচৰ আয়ুস এই দুইৰ ভিতৰতো কোনো ভেদাভেদ নোহোৱা হয়। এই দুই শক্তি এনেৰূপে মিহলি হৈ পৰে যে, পাচত এটাৰপৰা আনটোক বাছি উলিয়াবলৈ টান হয়। কিন্তু এইদৰে সানমিহলি হলেও শক্তি যে দুটা ই ধুৰুপ কথা। এটা আদিশক্তি, নিয়তিৰ সন্তান, এটা তেজ মলৰ সন্তান। নিয়তিৰ সন্তান আচল মই, তেজ মঙহৰ সন্তান কেলেহুৱা মই। আচল মই সন্ত, কিন্তু কেলেহুৱা মই দুষ্ট। এই দুই ময়ে গোট খাই শৰীৰ-ৰাজ্যত ৰাজত্ব কৰে।

 দুষ্ট-মইৰ প্ৰকৃতি দুষ্ট, ই সদায় অসজ বাটে যাব খোজে। কিন্তু শৰীৰৰ হাত ভৰি আদি পৰিকৰবোৰ সন্ত-মইৰ অধীন, সন্ত-মইৰ আদেশ নাপালে সিহঁতে লৰচৰ নকৰে। সেই দেখি দুষ্ট-ময়ে সন্ত-মইক সদায় আমনি কৰে, সদায় আদেশ খোজে। কেতিয়াবা সি মিতিৰালি কৰি ভুৰুকাই আদেশ নিয়ে, কেতিয়াবা সৰুটি হৈ ছল কৰি আদেশ নিয়ে, কেতিয়াবা ডাবি দি আদেশ নিয়ে, কেতিয়াবা আকৌ কিলাই টঙনিয়াই বল কৰি আদেশ নিয়ে। দুষ্ট-মইৰ আশয় সদায় দুষ্ট। সি মোৰপৰা,