পৰ্ব্বত নৈ সকলো একেতিলে অন্তৰ্দ্ধান হল, আৰু মই গৈ কতবা এখন নতুন দেশত ওলালোঁ। সেই দেশত ওলোৱা মাত্ৰেই মোৰ পূৰ্ব্বৰ কথা সকলো মনত পৰিল। সমাজিকৰ পৰা সাৰ পালে যেনে সমাজিকৰ ভুল চাঁৎ কৰে ভাগে, আৰু নিজৰ সংসাৰৰ আচল কথাবোৰ ফট্ফটীয়াকৈ দেখা যায়, নতুন দেশখনত ওলাই ময়ো সেইদৰে সমাজিকৰপৰা সাৰ পোৱা যেন পালোঁ, আৰু মোৰ পূৰ্ব্বৰ জীৱনী গোটেই ফট্ফটীয়াকৈ মনত পৰিল। মনত পৰিল যে, নতুন দেশখনহে মোৰ আচল পুৰণি দেশ। মই তাত কেনেকৈ আছিলোঁ, তাত মোৰ অৱস্থা কেনে আছিল, কেনেকৈ মই আহি পৃথিবীত ওলালোঁ, এই এটাইবিলাক কথা মনত পৰিল। তাত মোৰ আই বোপাইকো দেখিলোঁ। পূৰ্ব্বে মই যেনেকৈ তাত আছিলোঁ, তেওঁলোক তেনেকৈ আছে। তেওঁলোকে মোক দেখি কলে, “ইয়াতহে তোমাৰ আচল ঘৰ। আমাৰো ঘৰ ইয়াত, কেৱল ঘটনা-সূত্ৰত বান্ধ খাই দুদিনলৈ পৃথিবীলৈ গৈছিলোঁ। আমি ঘূৰি আহিলোঁ, কিছুমান দিনৰ পাছে তুমিও আহিবা।” তাত মই আৰু অনেক আগৰ চিনাকী মানুহ পালোঁ আৰু তেওঁলোকৰ লগত কথা হলোঁ। মই আজিলৈকে পৃথিবীত বন্ধ হৈ থকা বাবে তেওঁলোক এটাইবিলাকে মোক পুতৌ কৰিলে। এইদৰে চাই ফুৰোঁতে আৰু কথা হওঁতে হওঁতে হঠাৎ মোৰ কিবা হল, সেই দেশখন পলকতে নোহোৱা হল, মানুহবোৰে অন্তৰ্দ্ধান হল। তেতিয়া
পৃষ্ঠা:চিন্তা-কলি.djvu/৮২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
চিন্তা-কলি৷