পৃষ্ঠা:চিন্তা-কলি.djvu/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
চিন্তা-কলি

আকাশ উজ্জ্বল কৰি বহি আছে। তেওঁৰ চাৰিওফালে অসংখ্যাত মেঘ-সেনাই ৰঙা হালধীয়া চিত্ৰ-বিচিত্ৰ সাজ পিন্ধি তেওঁক আবৰি আছে। মলয়াই জুৰ বাৱে তেওঁক আৰু জগতক শীতল কৰিছে। ইফালে নানা বৰণীয়া নানা জাতি চৰায়ে নানা সুৰেৰে গীত জুৰি দি জগত আনন্দময় কৰিছে। ব্ৰহ্মপুত্ৰই মিনতি ভাৱেৰে সূৰ্য্যদেৱৰ চৰণত সেৱা জনাইছে। কি আচৰিত দৃশ্য! মই সেই চাৰিচুকীয়া শিলটোত অকলশৰে বহি এইবিলাক দেখি শুনি বিমোৰ হৈ আছোঁ। এবাৰ দেৱালয়খনৰ কথা মনত পৰিছে, আৰু বোধ হৈছে;—হায়। এই দেৱালয়ৰ অৱস্থা এদিন কেনে ৰৰৈয়া আছিল, আৰু এতিয়া কেনে হৈছে! যি দিনা ৰজাই এই বিতোপন পুৰীখন সাজি উলিয়াই প্ৰতিষ্ঠা কৰিছিল, সেই দিন কি হুলস্থূল নহৈছিল। সেই দিনা গোটেইনগৰত দল্‌দোপ-হেন্দোল্‌দোপ্‌ লাগি গৈছিল। দেৱালয় পাতিবৰ আজি পাঁচ শ বছৰতকৈও বেছি হৈছে, তেও আজি মই প্ৰতিষ্ঠা কৰা দিনৰ সমাৰোহটো গোটেই দেখিলোঁ। মই তাত বৰফুকনক দেখিলোঁ, তেওঁৰ লগত বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই আদি ৰজাৰ বৰ বৰ বিষয়াসকলক দেখিলোঁ। ঢুলীয়া খুলীয়া দেখিলোঁ, ভাৱৰীয়া দেখিলোঁ, আৰু ৰং চাবলৈ অহা ৰমক্ জমক্ সাজ পিন্ধা অসংখ্য নৰনাৰী দেখিলোঁ, আৰু দেখিলোঁ অলেখ বামুণ, অলেখ নৈবেদ্যৰ শৰাই। এফালে হোমৰ জুই, এফালে ধূপ চন্দনৰ গোন্ধ, এফালে গায়নৰ গীতৰ ধ্বনি, আৰু এফালে বায়নৰ