পৃষ্ঠা:চিন্তা-কলি.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
চিন্তা-কলি৷

হব। কোনো কোনো দৰ্শনত উতল অনাদি বুলি নকয়। আদি শক্তিৰ উতলক শাস্ত্ৰত স্পন্দন বুলিছে। সেই স্পন্দন হেনো আগেয়ে নাছিল। আগেয়ে আদি শক্তি স্থিৰ চৰিয়াৰ পানী যেন অলৰ-অচৰ আছিল। পাছত কিবা কাৰণত-শাস্ত্ৰত কয় আদি শক্তিৰ ইচ্ছাত—স্পন্দন আৰম্ভ হল। যেই স্পন্দন, সেই বিশ্বৰ উৎপত্তি। যদি আদি শক্তি কেতিয়াবা নিশ্চল আছিল, তেনেহলে কেতিয়াবা আকৌ নিশ্চল হব পাৰে, আৰু তেতিয়া বিশ্ব আপোনা-আপুনি অন্তৰ্দ্ধান হব। বিশ্বৰ যদি এই দৰেই উৎপত্তি, তেও তাক অকালত লোপ কৰিবলৈ চেষ্টা কৰা বৃথা। কাৰণ, যিমান দিন স্পন্দন অৰ্থাৎ উতল থাকে, তুমি ওলাই সোমাই থাকিবই লাগিব। এই যাতায়তৰ হাত কেনেকৈ এৰাবা?