পৃষ্ঠা:চিন্তা-কলি.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
চিন্তা-কলি।

এটাৰ পাচত এটা খলপা এৰি আত্মাটো উধাই গৈ থাকে, অৰ্থাৎ তলৰ খাপৰ দেৱতাৰ পৰা ক্ৰমে উধাই গৈ ওখ খাপৰ দেৱতা হয়, অৰ্থাৎ ইন্দ্ৰত্ব লাভ কৰে, বা আন কোনো ওখ খাপৰ দেৱতাৰ ঠাইত ওলায় গৈ। নামনিৰ খাপৰ দেৱতা কেতিয়াবা কৰ্ম্মফলত নামি আহি স্থূল শৰীৰ পাব পাৰে, অৰ্থাৎ আকৌ মানুহ বা আন কিবা স্থূলদেহী প্ৰাণী হব পাৰে। যাওক, সেই কথা বিচাৰৰ বিষয় নহয়। সম্প্ৰতি কথা এই যে, মানুহ মৰি, অৰ্থাৎ স্থূল খলপ এৰি আদিতে প্ৰেত-দেৱতা হয়, তাৰ পাচত প্ৰেত শৰীৰ এৰি তাতকৈ ওখ খাপৰ দেৱতা হয়। এইদৰে অনুক্ৰমে উধাই যাওঁতে সূক্ষ্ম খলপা এটাও নাইকিয়া হয়। তেতিয়া আত্মা অৰ্থাৎ আদিৰ চৈতন্য-কণাটো উদ্ধাৰ পায়, অৰ্থাৎ সি আৰু কোনো শৰীৰত বাস কৰিব নলগা হয়। তেতিয়া কণাটো মূল চৈতন্যময় শক্তি মিহলি হয় বা লীন যায়।

 প্ৰাণী মাত্ৰৰে জীৱনৰ এটা নিৰ্দ্দিষ্ট সীমা আছে, অৰ্থাৎ কোন প্ৰাণী কিমান কাল জীব তাৰ সীমা নিৰ্দ্ধাৰিত কৰা আছে। আঁহত গছ ইমান দিন জীয়ে, তেতেলি গছ ইমান দিন জীয়ে, গৰু ইমান দিন, হাতী ইমান দিন, মানুহ ইমান দিন। এইদৰে সকলো জীৱৰে আয়ুসৰ কাল স্থিৰ কৰা আছে। আয়ুসৰ কাল আকৌ শৰীৰৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। হাতী এটাৰ শৰীৰ এনেভাবে গঠিত যে, সি ইমান বছৰতকৈ সৰহ দিন টিকিব নোৱাৰে। এই ব্যৱস্থাৰ গুণত