বিকাশ হৈ হৈ মানুহ যোনিত পৰে, তাৰ পাছত আৰু বিকাশ হৈ পুনৰ আদিৰ মূল শক্তিত মিহলি হয়। শক্তিটো কিয় বস্তুত বন্দী হয়, বা কেনেকৈ হয়, তাৰ মীমাংসা শাস্ত্ৰত আছে, কিন্তু সেই মীমাংসা কেৱল ধৰি লব লগীয়া কথা, আমাৰ বোৰৰ ভিতৰ হবলৈ তাৰ ভাল প্ৰমাণ নাই, কিন্তু কি কাৰণে বা কিৰূপে আদিৰ শক্তি জড়ৰূপ ধৰক নধৰক, জড় বস্তুৰো যে চৈতন্য বা জীৱ আছে, এই কথা অবিশ্বাস কৰিবৰ কাৰণ নাই। আধুনিক বিজ্ঞানৰ উপায়েৰে ইয়াক আমি সঠিকৰূপে জানিব পাৰিছোঁ। তেনেহলে বিশ্বৰ সকলো বস্তুৰে চেতনা আছে, আৰু সেই চেতনা, মানুহৰ চেতনা একে বস্তু।
চেতনা অনুক্ৰমে বিকাশ পায় কিয়? কোনে কব কিয়? জুয়ে পোৰে কিয়? জুয়ে পোৰাৰ কাৰণ যেনেকৈ কব নোৱাৰি, চেতনা বিকাশ পোৱাৰ কাৰণো তেনেকৈ কব নোৱাৰি। পোৰণ জুইৰ স্বভাৱ বা ধৰ্ম্ম। সেইদৰে ক্ৰমে বিকাশ পোৱাও সেই চৈতন্যময় শক্তিটোৰ স্বভাৱ বা ধৰ্ম্ম। এই ধৰ্ম্ম অনুসৰি স্থূল শৰীৰত বন্দী হোৱা চৈতন্যময় শক্তিৰ কণা অনুক্ৰমে বিকশিত হৈ পূৰ্ণ ৰূপ প্ৰাপ্ত হলে, সি বিশ্ব ভৰি থকা শক্তি মিহলি হয়। অৰ্থাৎ তুমি আদিতে এডোখৰ শিল হৈ কৰবাত পৰি আছিলা, তোমাৰ আত্মা অৰ্থাৎ সেই চৈতন্য শক্তিটোৰ বন্দী হোৱা কণাটি ক্ৰমে বিকাশ পালত সি শিলত বাস কৰিব নোৱাৰা হল, যেনে হাঁহৰ কণীত বাস কৰি থকা হাঁহটো বিকাশ পাই কণীত বাস কৰিব নোৱাৰা হয়, আৰু