বস্তু ভাগ কৰি নিলে, অৰ্থাৎ ভগীয়াই সৰু সৰু কৰিলে, অৰ্থাৎ সৰুতকৈ সৰু কৰিলে, অৰ্থাৎ যৎপৰোনাস্তি সৰু কৰিলে, তাৰ স্থূল দেহ নাথাকে, অৰ্থাৎ আকাৰ নাথাকে, থাকে কেৱল সূক্ষ্ম দেহ, অৰ্থাৎ গতি। বিজ্ঞানৰ গুণত বুজা গৈছে যে, দৃশ্যমান শৰীৰটো একো নহয়, ই এটা ভুৱা বা বাজিকৰৰ ফাং। ই গতিৰ বা শক্তিৰ সমষ্টি মাথোন। বিজুলী এটা গতি, ইও অৱস্থা বিশেষত চকুৰ গোচৰ হয়। দৃশ্যমান সকলো বস্তু গতিৰ এটা বিশেষ অৱস্থা মাথোন।
চিৎ এটা অনুমানৰ বস্তু, ইয়াক কোনেও চকুৰে দেখা নাই বা আন কোনো ইন্দ্ৰিয়েৰে বোধ কৰা নাই, কেৱল বিশ্বৰ বস্তুবিলাকৰ প্ৰকৃতি দেখি মানুহে চিৎ আছে বুলি অনুমান কৰে। চিৎ বুদ্ধি জ্ঞানৰ এটা বেলেগ নাম। বিশ্বৰ বস্তুবিলাক এনেৰূপে সৃষ্ট হৈছে যে, তাৰপৰা স্ৰজোঁতাৰ জ্ঞান বুদ্ধি বিদিত হৈ পৰিছে, অৰ্থাৎ জ্ঞান বুদ্ধি নথকা লোকে বস্তু সেইদৰে কৰিব নোৱাৰিলেহেঁতেন। প্ৰত্যেক বস্তুতেই উদ্ভাৱন আৰু মৰণৰ মন্ত্ৰ বন্ধা আছে, অৰ্থাৎ বস্তু উৎপন্ন হবলৈ বা লয় হবলৈ কোনেও কাৰবাৰ কৰিব নালাগে। এটা বস্তুৱে তাৰ সদৃশ আন এটা বস্তু উৎপন্ন কৰিব পাৰে। মানুহে মানুহ কৰিব, গছে গছ কৰিব পাৰে, আৰু চিৰকাল কৰিব লাগিছে। সেইদৰে জগতে জগৎ কৰিব পাৰে, অৰ্থাৎ এক জগৎ লয় হলে আকৌ তাৰপৰা নতুন জগৎ উদ্ভৱ হব পাৰে, নতুন জগৎ কৰিবলৈ আন নতুন কাৰবাৰ কৰিব নালাগে। বিশ্ব নানা জগতৰ সমষ্টি, তাৰো লয় আছে, আৰু