শৰীৰ পচিবলৈ নিদিয়াকৈ যেয়েই বা যিহেই ৰাখক নাৰাখক শৰীৰটো যে এটা কিবা জ্ঞান বুদ্ধিবিশিষ্ট বস্তুৱে চলায়, ইয়াৰ কোনো সন্দেহ নাই। পিছত, এই জ্ঞান বুদ্ধিবিশিষ্ট বস্তুটো অৰ্থাৎ এই চিদযুক্ত বস্তুটো কি? ইয়াৰ প্ৰকৃতি কেনে, ই আগেয়ে কত আছিল, কেনেকৈ শৰীৰলৈ আহিল? এনেবিলাক প্ৰশ্নই মানুহক জুমুৰি দি ধৰে, কিন্তু মানুহে সিহঁতৰ উত্তৰ বিচাৰি নাপায়। আদিৰ সমস্যা আকৌ ওলাল। ইমান বিচাৰ কেৱল কথাৰ খৰচ। তাৰপৰা আচল সমস্যা সম্বন্ধে কোনো ফলোদয় নহল। এই সমস্যাৰ খণ্ডন বিচাৰি মানুহে যেই বাটেৰে যাওক নাযাওক খণ্ডন নাপায়। ই দুৰ্জ্জয় সমস্যা, ইয়াৰ খণ্ডন নাই, ইয়াৰ উত্তৰ নাই। কিন্তু কোনো কোনো পণ্ডিতে উত্তৰ পোৱা বুলি কয়। সিবিলাকে সেই উত্তৰ নানা শাস্ত্ৰত ব্যাখ্যা কৰিছে, কিন্তু উত্তৰ সন্তোষজনক যেন বোধ নহয়। সেই পণ্ডিতসকলৰ বাহিৰে ই আন কাৰো মনৰ খুকুৰি ভাঙিব পৰা নাই, নাইবা এই সম্বন্ধে আজিও বিচাৰ চলি নাথাকিলেহেঁতেন। যত বিচাৰ মানে চিদ সম্পৰ্কে নিষ্ফল। বিচাৰত সৎ পোৱা যায়, সৎ সহজে প্ৰমাণ হয়। সৎ চকুৰে দেখিবলৈ পোৱা বা মনেৰে ভাবি ধৰিব পৰা বস্তু। সৎ নানা আকাৰত থাকিব পাৰে। সি স্থূল আকাৰতো থাকে, সূক্ষ্ম আকাৰতো থাকে। বস্তু এটা সতৰ স্থূল আকাৰ, তাৰ ভিতৰত থকা গতি সূক্ষ্ম আকাৰ। দুয়ো কিন্তু একে বস্তু, অৰ্থাৎ ভূতৰ সমষ্টি। কোনো এটা
পৃষ্ঠা:চিন্তা-কলি.djvu/৫৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
চিন্তা-কলি।