জ্ঞান বুদ্ধি থকা জীৱই, অৰ্থাৎ মানুহে চলাই লাগতিয়াল অলাগতিয়াল বুজি কাম কৰায়। শৰীৰটোকো সেইদৰে কিবা এটা জ্ঞান বুদ্ধি থকা বস্তুৱে চলায়, আৰু তাৰে লাগতীয়া অলাগতীয়া বুজি কাম কৰায়।
ৰেইলওৱে ইঞ্জিন যেনে গাড়ীৰ চকৰি ঘূৰিবৰ পূৰ্ব্বেও
চলি থাকে, তেওঁ মানুহে ঘূৰিবলৈ নিদিয়ে মানে ইঞ্জিনে
চকৰি ঘূৰাব নোৱাৰে, সেইদৰে শৰীৰটো চলি থাকিলেও
অৰ্থাৎ সম্পূৰ্ণ নীৰোগ অৱস্থাত জীয়াই থাকিলেই সি নিজে
কোনো কাম কৰিব নোৱাৰে, সেই জ্ঞান বুদ্ধি থকা বস্তু-
টোৱে চলালেহে কৰিব পাৰে। টোপনিত শৰীৰ জীয়াই
থাকে, অৰ্থাৎ জীৱন গতি চলি থাকে, কিন্তু সি একো কাম
কৰিব নোৱাৰে, কিয়নো তেতিয়া জ্ঞান বুদ্ধি থকা বস্তুটো
কৰবালৈ যায়, অথবা তাৰ কিবা হয়। এতেকে বুজা যায়,
ইঞ্জিন আৰু ইঞ্জিন চলোৱা মানুহজন যেনে বেলেগ বস্তু। সেই
দৰে শৰীৰ আৰু শৰীৰ চলোৱা বস্তুটোও বেলেগ বস্তু। ইহঁত
দুয়োৰো ভিতৰত একো সম্বন্ধ নাই। মানুহে যেনেকৈ ঘৰত
বাস কৰে, ইও তেনেকৈ শৰীৰত বাস কৰে। ঘৰ বেয়া
হবলৈ বা ভাগি যাবলৈ ধৰিলে মানুহে বেয়া হবলৈ বা ভাগি
যাবলৈ নিদিয়ে, ভাল কৰি লয়; সেইদৰে বোধ হয়, শৰীৰ
বেয়া হবলৈ ধৰিলে, অৰ্থাৎ শৰীৰৰ পৰমাণুবিলাক বেলেগ হব
খুজিলে, সেই জ্ঞান বুদ্ধি থকা বস্তুটোৱে হবলৈ নিদিয়ে, কিবা
স্বৰূপে ধৰি ৰাখে।
৪