এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৮
চিন্তা-কলি।

বেলেগ বেলেগ হয়, অৰ্থাৎ থান থান হয় অৰ্থাৎ যি পৰমাণু যৰ, তলৈ যায়, অৰ্থাৎ মাটিৰ পৰমাণু মাটিলৈ যায়, পানীৰ পানীলৈ যায়, বায়ুৰ বায়ুলৈ যায়। এইদৰে গৈ এটালে শৰীৰ পচি নাইকিয়া হয়। তেনেহলে দেখা গল, যি বলে শৰীৰ বঢ়াইছিল সেই বলেই পচালে, অৰ্থাৎ মৰণৰ আগেয়ে আৰু মৰণৰ পাছে দুয়ো কালতে বলটো থাকে, কেৱল মৰণৰ আগেয়ে কিবা এটাই পৰমাণুবিলাক গোট কৰি ধৰি আছিল, মৰণ হলত ধৰোঁতা নাইকিয়া হল, সেই ছল পাই পৰমাণুবিলাক স্কুল ভাগিলে স্কুলীয়া লৰাৰ দৰে, নিজ ঘৰলৈ পিঁয়াপি দি যাবলৈ ধৰে। সেই ধৰি থকা জন কোন বা কি?

 শৰীৰটো এটা ৰেইলওৱে ইঞ্জিন। ইঞ্জিন ভাপৰ বলত চলে, শৰীৰ গতিৰ বলত চলে। ইঞ্জিনৰ ভিতৰত ভাপে কাৰ্য্য কৰিবলৈ এডোখৰ ঠাই আছে, শৰীৰৰ ভিতৰত গতিয়ে কাৰ্য্য কৰিবলৈ এডোখৰ ঠাই আছে। সেই ঠাই ডোখৰৰ নাম বুকু বা হৃদি। ভাপৰ কাৰ্য্য চলাই দিলে ইঞ্জিন চলিবলৈ ধৰে, কিন্তু ইঞ্জিনটোৱে নিজে কোনো কাৰ্য্য নকৰে। ইঞ্জিন চলাই লৈ মানুহে তাক ই কামত সি কামত লগাই দি কাম কৰায়। শৰীৰটোকো চলাই লৈ অৰ্থাৎ জীয়াই লৈ অৰ্থাৎ জীৱ দান দি চলিব পৰা কৰি লৈ কোনোবাই বা কিহবাই তাক ই কামত সি কামত লগাই দি কাম কৰায়। ইঞ্জিন ভাপৰ বলত যদিওবা চলে, কিন্তু সি লাগতিয়াল অলাগতিয়াল বাছি কাম কৰিব নোৱাৰে। তাক এজন