পৃষ্ঠা:চিন্তা-কলি.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
চিন্তা-কলি।
 
সংসাৰ প্ৰবাহ।
 

দূৰৈৰ পৰ্ব্বত বিতোপন। তাৰ অতল্‌পৰ্শী গহবৰ, বিকটাকৃতি কৃতি প্ৰস্তৰ, ভয়ঙ্কৰ সিংহ বাঘ আদি জন্তুচয়, সকলোৱে শৈলজ তৰু লতাৰ শ্যামল পল্লবৰাশিৰ মুখা লৈ মোহিনী মূৰ্ত্তি ধৰি থাকে। সংসাৰৰ বিপদৰাশিয়েও সেইৰূপে মনোৰম মুখা পিন্ধি, গাৰ আঁৰত সিহঁতৰ বিকট মুখ লুকাই থয়। এই নিমিত্তে দূৰৈৰ পৰা চালে সংসাৰো অতি বিতোপন দেখি। পূৰ্ব্বাপৰ পণ্ডিতবিলাকে সংসাৰক সাগৰেৰে সৈতে তুলনা কৰি গৈছে। কিন্তু সংসাৰৰ এই বিনন্দীয়া মূৰ্ত্তি দেখিলে তুলনাটি কেৱল বাতুল কবিৰ ভুল কল্পনা যেন বোধ হয়। কাৰণ, সংসাৰ আয়তনত সাগৰ সদৃশ হলেও তাত ভীষণ লহৰি নাই, খৰতৰ সোঁত নাই, গগনভেদী হুঙ্কাৰ নাই, ভয়ঙ্কৰ গ্ৰাহ বা বিকটাকৃতি কুন্তীৰ নাই, চাকনৈয়া নাই, ওভতনি নাই। সংসাৰ কেৱল সম্ভোগৰ উপবন, আনন্দৰ নন্দন