পৃষ্ঠা:চিন্তা-কলি.djvu/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
চিন্তা-কলি৷

নাই। ই এটা কাম কৰি এটাই আৰু এটা কামত ধৰে, সেইটো হলে, আকৌ এটাত ধৰে। এইদৰে ই আদিৰপৰা কামত ব্যস্ত হৈ আছে। শৰীৰৰ হাড় মঙহ সম্পূৰ্ণৰূপে মাটি হলে গতি অৰ্থাৎ জীৱন গতি মাটিত সোমায়, অৰ্থাৎ পৃথিবীত সোমায়, অৰ্থাৎ পৃথিবীৰ শৰীৰৰ গতিৰ লগত মিহলি হৈ যায়। অন্যান্য শৰীৰৰ ভিতৰত যেনেকৈ এটা গতি চলি আছে, পৃথিবীৰ শৰীৰৰ ভিতৰতে সেইদৰে এটা গতি চলি আছে। পৃথিবীৰ অণুৱে অণুৱে পৰমাণুৱে পৰমাণুৱে গতি আছে। এই গতিৰ গুণত পৃথিবীৰ মাটি শিল হৈছে, শিল আকৌ মাটি হৈছে, খণিত সোণ হৈছে, ৰূপ হৈছে, হীৰা হৈছে, নাগমটি হৈছে, আৰু কত কি নহৈছে। পিচত, যদি পৃথিবী কেতিয়াবা লয় হয়, তেতিয়া গতি কলৈ যাব? গতি তেতিয়া বিশ্বৰ গতিৰ লগত লগ লাগিব অৰ্থাৎ যি গতিৰ গুণত বিশ্বৰ সৃষ্টি হৈছে, সেই গতিৰ লগত গোট খাব বিশ্বৰ গতি কেনে? আগত কোৱা হৈছে যে চন্দ্ৰ, সূৰ্য্য বা পৃথিবী যে ঘূৰি ফুৰিব লাগিছে, সেই গতি বিশ্বৰ গতি নহয়। সেই গতি বাহিৰৰ গতি, সি সৃষ্ট গতি। বস্তুৰ শৰীৰৰ অভ্যন্তৰত যে গতি চলি থকা দেখা গল, বিশ্বৰ শৰীৰতো সেইদৰে এটা গতি চলি আছে। আমাৰ সৌৰজগত, আৰু তাৰ বাহিৰৰ আন যিবিলাক সৌৰজগত আছে, আৰু তাৰ বাহিৰেও যি আছে, অৰ্থাৎ আকাশ, এই সকলোবোৰ গোট খাই বিশ্ব। এই বিশ্ব এটা বস্তু, তিন তিন সৌৰজগত বা গ্ৰহ