পৃষ্ঠা:চিন্তা-কলি.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
চিন্তা-কলি।

হুপি লয়, আৰু সেই ৰস ঠাল, ঠেঙুলি, পাত আদি গছৰ সকলো অঙ্গলৈকে যায় এইবোৰ ক্ৰিয়া কিহৰ বলত হয়? আদিৰ সেই জীৱন-গতিৰ বলত হয়। জীৱন-গতি বস্তুৰ জনমৰপৰা মৰণলৈকে থাকে। এই গতিৰ আবিৰ্ভাৱত জীৱ লাভ হয়, আৰু তিৰোভাৱত জীৱ শেষ হয়, অৰ্থাৎ জীৱৰ মৰণ হয়, অৰ্থাৎ বস্তু লয় পায়। সকলো সৃষ্ট বস্তুৰ লয় আছে। মানুহ সৃষ্ট বস্তু, সি মৰে। পশু, পক্ষী সৃষ্ট বস্তু, সিহঁত মৰে। গছ-গছনি সৃষ্ট বস্তু, সিহঁতো মৰে। এইদৰে আন আন যিবোৰ সৃষ্ট বস্তু আছে সকলোৰে মৰণ হয়, অৰ্থাৎ পৰিবৰ্ত্তন হয়, অৰ্থাৎ সিহঁতে এটা আকাৰ এৰি আন এটা আকাৰ ধৰে। মৰণ বা লয় এটা পৰিবৰ্ত্তন মাথোন। মৰণত শৰীৰৰ ভিন ভিন বস্তুবোৰ আদি বস্তুত গোট খায় গৈ। প্ৰতিমা গঢ়োতে খে, আঁহ, মাটি, ৰহণ আদি নানা বস্তু ব্যৱহাৰ কৰা হয়। সেই প্ৰতিমা পানীত পেলাই দিয়াৰ পাছত কি হয়? মাটিখিনি মাটিৰ লগত লগ লাগে, পানীখিনি পানীৰ লগত লগ লাগে। খেৰ, বাহ, ৰহণ এইবোৰো মাটি হয়; ইহঁত মাটিৰ আকাৰ বিশেষ মাথোন। বিশেষৰূপে ব্যৱহাৰৰ নিমিত্তে অৰ্থাৎ বিশেষ এটা কাৰ্য্যত লগাবলৈ সিহঁতক একোটা বিশেষ আকৃতি দিয়া হৈছিল। কাৰ্য্য হৈ গলত সিহঁতৰ সেই আকৃতিৰ প্ৰয়োজন নেহোৱা হল। খেৰে খেৰৰ কাম কৰি এটালে, বাঁহে বাঁহৰ কাম কৰি এটালে, ৰহণে ৰহণৰ কাম কৰি এটালে। এতিয়া