ধুৰুপ আছিল। কোনো বস্তু হঠাৎ মুহূৰ্ত্তকতে নাবাঢ়ে, প্ৰতি পলতে, প্ৰতি মুহূৰ্ত্ততে সেই বাঢ়ন ক্ৰিয়া চলি থাকে। নৈ বা নিজৰ যেনেকৈ অবিৰাম গতিৰে চলি থাকে, সেই দৰে বস্তুৰ বাঢ়ন ক্ৰিয়াও অবিৰাম অখণ্ড ভাৱে চলি থাকে। আমাৰ দুৰ্ব্বল চকুৰে সেই অবিৰাম গতি দেখা নাপাওঁ, গতি গোট খাই সৰহ হলে, অৰ্থাৎ বস্তুটো বাঢ়ি কিছু ডাঙৰ হলেহে বাঢ়িছে বুলি জানিব পাৰোঁ।
শৰীৰৰ আদি অৱস্থাত ধিপ্ধিপনি গতি নাথাকে। হাঁহৰ কণীৰ ভিতৰত জীৱনগতি যেনে ভাবেৰে বাস কৰে, তেনে ভাবেৰে শৰীৰৰ আদি অৱস্থাত জীৱন-গতি বাস কৰে। পিচত শৰীৰত এটাইবোৰ অবয়ব হৈ উঠিলে, অৰ্থাৎ হৃদয় আদি যন্ত্ৰবিলাক সম্পূৰ্ণ হলে হৃদিত ধিপ্ধিপনি আৰম্ভ হয়। এই ধিপ্ধিপনি নতুন বস্তু নহয়, ই আদিৰ বাঢ়ন গতিৰ এটা নতুন আকাৰ বা ৰকম মাথোন। যন্ত্ৰবিশেষত গতিৰ লক্ষণ ভিন্ন ভিন্ন হয়। এটা গতিৰেই এক ৰকম যন্ত্ৰত লগাই টনাব পাৰি, আৰু এক ৰকম যন্ত্ৰত লগাই ঠেলাব পাৰি। মানুহ বা পশু পক্ষীৰ হৃদয় এটা যন্ত্ৰ, সি এক বিশেষ ৰকমৰ যন্ত্ৰ। সেই যন্ত্ৰত আদিৰ বাঢ়ন গতি বন্ধ হলে ঢিপিং ঢিপিং কৰে। গছ-গছনিৰ হৃদয় যন্ত্ৰ নাই, গতিকে সিহঁতৰ জীৱন গতিয়ে কতো ঢিপিং ঢিপিং নকৰে, অৰ্থাৎ ঢিপিং ঢিপিং কৰিবলৈ গছত কোনো যন্ত্ৰ স্থাপিত হোৱা নাই। কিন্তু গছ বাঢ়ে, আৰু মাটিৰপৰা সি ৰস