স্ৰজা গতি। এইদৰে সকলো গমন জীৱই ইচ্ছা মতে একোটা গতি স্ৰজন কৰিব পাৰে। দলি এটাৰো গতি হয়, কিন্তু সেই গতি দলিয়াওঁতাই স্ৰজি পঠিয়ায়। দলিৰ গতি যেনে, চন্দ্ৰ, সূৰ্য্য বা গ্ৰহ উপগ্ৰহৰো গতি তেনে। সেই গতিও আদিতে আন এজনে স্ৰজি পঠিয়াইছে। অৰ্থাৎ এই গতি বস্তুৰ পাচত জন্মিছে, অৰ্থাৎ বস্তু জন্ম হোৱাৰ পাচত এই গতি কোনো কাৰণত উৎপন্ন হৈ চন্দ্ৰ সূৰ্য্য আদি বস্তুবিলাকক ঘূৰাই লৈ ফুৰাইছে। এই গতিৰপৰা চন্দ্ৰ সূৰ্য্যৰ জন্ম হোৱা নাই। ই জীৱনৰ তত্ত্ব নহয়।
জীৱন-গতি অৰ্থাৎ যি গতিৰপৰা জীৱন জন্মে, সেই গতি নানা প্ৰাণীৰ নানা ঠাইত থাকে। মানুহ, পশু, পক্ষী, আৰু এনে ৰকমৰ সকলোবোৰ জীৱৰ জীৱন গতি সিহঁতৰ হৃদয়ত থাকে। হৃদয়ত গতিৰ কৌশল বা ‘কল’ স্থাপিত হৈছে। সেই কৌশলৰ গুণত সিহঁতৰ শৰীৰৰ আন আন ঠাইত গতি চলা দেখা যায়। মানুহৰ হাতত, ভৰিত, আৰু আন আন ঠাইত এগছ শিৰ ঢিপিং ঢিপিং কৰে। এই ঢিপিং ঢিপিং গতিৰ জন্ম বুকুত। বুকুত এড়োখৰ মঙহ আছে, সেই মঙহ ডোখৰ সদায় ঢিপিং ঢিপিং কৰি থাকে। এই গতিটো টেলিগ্ৰাফৰ গতি যোৱাৰ দৰে নানান শিৰেৰে গাৰ নানান ঠাইত ওলাই গৈ। বৰ দুৰ্ব্বল হলে শৰীৰৰ আন আন ঠাইত এই ধিপ্ধিপনি লোপ হয়। ইয়াকে মানুহে চলিত কথাত নাড়ি বুৰা বোলে। শৰীৰৰ আন আন ঠাইত নাড়ি