এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 
আহুকাল।


 
দ্বিতীয় খণ্ড।

সৃষ্টিৰ কৌশল এটা, দুটা বা সৰহ নহয়। বস্তু এটা ফঁহিয়াই নিলে অন্তত গৈ যি তত্ত্ব ধৰা পৰে, সেই তত্ত্ব এটা। সকলো বস্তুৰে অন্তত এটা মাথোন তত্ত্ব দেখা যায়। এই একেটা তত্ত্বৰপৰা সকলো বস্তুৰ সকলো প্ৰাণীৰ জনম হয়, বন্ধন হয়, আৰু মৰণ হয়। পাচত এই তত্ত্বটো বা এই কৌশলটো কি? অৰ্থাৎ ইয়াৰ প্ৰকৃতি কেনে? এই বিষয়ত অতীজ কালৰ মহাপুৰুষ সকলৰ মত আছে। সিবিলাকে কয়, বলে কৌশলটো আন একো নহয়, ই কেৱল এটা গতি। জগতৰ সকলো বস্তুৰ গতি আছে। কিন্তু এই গতি আন এক বিধৰ গতি, ই বস্তুৰ তত্ত্ব নহয়, ই জীৱনৰ কৌশল নহয়, ই ব্ৰহ্মাণ্ডভেদী গতি নহয়, ই স্বয়ম্ভূ গতি নহয়, ই আদিৰ গতি নহয়। ই পাচত জন্মা গতি, ই আনে স্ৰজা গতি। যি গতি বস্তুৰ তত্ত্ব বা স্ৰজনৰ কৌশল, সি বস্তুৰ অন্তৰত লুকাই থাকে, তাক চকুৰে নেদেখি, কাৰ্য্যৰপৰাহে অনুমান কৰিব পাৰি। গমন জীৱ মাত্ৰেই লৰিচৰি ফুৰিব পাৰে। ইও এবিধ গতি, কিন্তু ই তুমি স্ৰজা গতি। তোমাৰ উত্তৰলৈ যাবৰ মন গল, তুমি ভৰি চলাই গলা, অৰ্থাৎ তুমি উত্তৰলৈ যোৱা গতি উৎপন্ন কৰিলা। এতেকে এই গতি তোমাৰ