পৃষ্ঠা:চিন্তা-কলি.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
চিন্তা-কলি৷

কিন্তু গুৰিত কৌশল এটা, অৰ্থাৎ বল এটা, অৰ্থাৎ গুপ্ত মন্ত্ৰ এটা। স্ৰজনতো গুপ্ত মন্ত্ৰ বা বল এটা, সেই মন্ত্ৰ বা বল প্ৰয়োগ কৰি ভিন ভিন দেশত ভিন ভিন উপাদান দি কীট, পতঙ্গ, গছ, লতা, মানুহ আদি জীৱ-জন্তু স্ৰজন কৰিছে। সেই গুপ্ত কৌশলটো কি? অৰ্থাৎ বুদ্ধিটো ক’ত? অৰ্থাৎ চিদ্‌টো ক’ত? অৰ্থাৎ ঈশ্বৰৰ মূল অংশটো ক’ত?

 আগত পোৱা গল আন বস্তুৰ সৎ আছে, কিন্তু চিৎ নাই। আন সকলো বস্তু চিদ্ শূন্য সদৰ সমষ্টি, কিন্তু মানুহ সচ্চিদ উভয়ৰ সমষ্টি। আন বস্তু ঈশ্বৰৰ কলা মাখোন, কিন্তু মানুহ পূৰ্ণ ঈশ্বৰ, কেৱল গৰ্ভ-মামৰে ধৰাত ঈশ্বৰ-জেউতি শূন্য হৈ মানুহ হৈছে। জ্ঞান বুদ্ধি চিদৰ চিন, ইয়াৰ খনি মন। চিৎ চাব লাগিলে মন-ৰাজ্যত প্ৰবেশ কৰিব লাগিব।