এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৭
চিন্তা-কলি৷

একেবাৰে মিলি যায়। মনুষ্য শৰীৰত হাড় আছে, পৃথিবীৰ শৰীৰত অৰ্থাৎ গৰ্ভত আৰু গাত পৰ্ব্বত আৰু শিল আছে, মনুষ্য শৰীৰত শিৰ আছে, পৃথিবীত নৈ আছে। মানুহৰ শিৰেৰে তেজৰ সোঁত বয়, পৃথিবীৰ শিৰেৰে পানীৰ সোঁত বয়। মানুহৰ মঙহ আছে, পৃথিবীৰ মাটি আছে। মানুহৰ তেজৰ ভঁৰাল বুকু আছে, পৃথিবীৰ পানীৰ ভঁৰাল সাগৰ আছে। মানুহৰ বুকুত তেজ গোট খাই তাৰপৰা শৰীৰৰ নানা দেশলৈ যায়, পৃথিবীৰ সাগৰত পানী গোট খাই তাৰপৰা পৃথিবীৰ নানা ঠাইলৈ যায়। এই অনুক্ৰমে চালে মানুহৰ শৰীৰ আৰু পৃথিবীৰ শৰীৰ, এই দুইত একো প্ৰভেদ নাই। মানুহৰ জীৱ আছে, পৃথিবীৰ জীৱ নাই বুলি কোনে কব পাৰে? জীৱন্ত বস্তুৰ নিচিনা পৃথিবীয়েও লৰচৰ কৰে, আৰু ঘূৰি ফুৰে। এতেকে পৃথিবী মানুহ, কিন্তু মানুহ ঈশ্বৰ, এতেকে পৃথিবীও ঈশ্বৰ। এইদৰে জগতৰ সকলো বস্তুৱেই ঈশ্বৰ, কিন্তু স্থূল ঈশ্বৰ অৰ্থাৎ সৎ। সকলো বস্তুতে সৎ আছে, কিন্তু চিৎ নাই বুলি কয়। চিৎ কেৱল মানুহত আছে। মানুহত জ্ঞান-বুদ্ধি আছে, জ্ঞান-বুদ্ধি চিদৰ চিন। সৎ ঈশ্বৰৰ স্থূল অংশ। স্থিতি থকা সকলো বস্তুতেই সৎ পোৱা যায়। ইয়াৰ পৰা দেখা যায় যে স্ৰজন কৌশল এটা, এটা কৌশলেৰে জগতৰ সমস্ত বস্তু স্ৰজন কৰা হৈছে। ইঞ্জিন লগাই নানা ঠাইত কৌশল কৰি সেই ইঞ্জিনেৰে ধান বানে, তেল পেৰে, কপাহ চন্দিয়ায়, কাঠ ফালে আৰু কত কৰে।