এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৬
চিন্তা-কলি৷

মনুষ্য-শৰীৰৰ শিৰ চকুৰে দেখি, বিশ্বৰ শিৰবিলাক নেদেখি, এই মাত্ৰ প্ৰভেদ, নাইবা কাৰ্য্যত একে। যদি আকৰ্ষণৰ গতি বা পথবিলাক দৃশ্যমান বস্তু হলহেঁতেন, তেনেহলে আমাৰ শৰীৰৰ জালতকৈ সিখন জাল আৰু বিচিত্ৰ দেখা গলহেঁতেন। আমাৰ শৰীৰত মঙহ আছে। বিশ্বৰ মঙহ শূন্য। মানুহৰ শিৰ, হাড় যেনেকৈ মঙহে আৱৰি আছে, সেইদৰে বিশ্বৰ শিৰ, হাড় শূন্যই আৱৰি আছে। শূন্য দৃষ্টিৰ বস্তু হোৱাহেঁতেন, আৰু আমি বিশ্বৰ বাহিৰৰ কোনো ঠাইত থিয় হৈ চাবলৈ পোৱাহেঁতেন, গ্ৰহ উপগ্ৰহবিলাক আমি ভিন ভিন নেদেখিলোঁহেঁতেন, কেৱল মানুহৰ শৰীৰৰ দৰে এটা নিমজ গোট বস্তু দেখিলোঁহেতেন। এইটোৱেই বোলে ঈশ্বৰৰ বিশ্বম্ভৰ মূৰ্ত্তি, অৰ্থাৎ মূৰ্ত্তিমন্ত ঈশ্বৰ। তেনেহলে মানুহটো এটা মূৰ্ত্তিমন্ত ঈশ্বৰ। ভাল কথা, বুজি পালোঁ। গোট বিশ্বই ঈশ্বৰ, আৰু মানুহ গোট বিশ্বৰ প্ৰতিকৃতি, এতেকে মানুহে ঈশ্বৰ। কিন্তু কথাটো তেও কিন্তু শূন্য নহল। সৎ জানিবা বিচাৰি পালোঁৱেই, চিৎ কত?

 মানুহৰ শৰীৰে যে কেৱল বিশ্বৰ লগতেহে ৰিজনি খায়, এনে নহয়। ইয়াক অকল পৃথিবীৰ লগতে ৰিজাৰ পাৰি। বিশ্বৰ লগত ৰিজালে বহুত কথা অনুমান কৰি ধৰিব লাগে। শূন্যক মঙহ, গ্ৰহ উপগ্ৰহক হাড়, আৰু আকৰ্ষণৰ পথবিলাকক শিৰ বুলি ধৰিব লাগে। কিন্তু পৃথিবীৰ লগত ৰিজালে একে অনুমান কৰি ধৰিব নালাগে, সকলো অঙ্গ প্ৰত্যঙ্গ