এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৫
চিন্তা-কলি ৷

ভৰ পৰে, সিহঁতৰ এটা নহলেই ইঞ্জিন অচল। ইঞ্জিনৰ কৌশল দেখি মই আচৰিত মানিছিলোঁ। কিন্তু এতিয়া দেখোঁ, মনুষ্য শৰীৰৰ কৌশল আৰু আচৰিত। এবাৰ শিৰবোৰলৈ চোৱাঁচোন। শিৰবিলাক গোট কৰি ভাবি চালে এখন জাল, তাৰে গোটেইটো শৰীৰ ঢাকি থৈছে, যেন ভিন ভিন হাড়বিলাক তাৰে বান্ধিহে থৈছে। যথাৰ্থ পক্ষত বান্ধি থৈছে। হাড়ৰ জোৰাবিলাকত গাঁঠি নাই, কেৱল মঙহ আৰু শিৰেইহে গাঁঠি, সিহঁতে টানি ধৰি থকাৰ নিমিত্তে এডাল হাৰ আন ডালৰপৰা বেগতে আঁতৰ হৈ যাব নোৱাৰে। কিন্তু কেৱল হাড় ধৰি থাকিবলৈ শিৰ দিয়া নাই, শিৰৰ আৰু টান কাম আছে। শিৰবিলাক টেলিগ্ৰাফৰ তাঁৰ, তাৰে শৰীৰৰ ভিন ভিন দেশৰপৰা অঙ্গৰাজ মূৰলৈ, অৰ্থাৎ মগজুলৈ খবৰ যায়। একোগছ শিৰৰ যে কিমান ঠাল ঠেঙুলি আছে তাক লেখি অন্ত কৰিব নোৱাৰি। কিন্তু সেই সকলো ঠাল আৰু ঠেঙুলিৰ বিশেষ বিশেষ ভিন ভিন কাম আছে, সিহঁতৰ এডালৰ অভাৱ হলে, তোমাৰ শৰীৰত প্ৰলয় মিলিব। মনুষ্য-শৰীৰৰ সৰু বৰ সকলোবিলাক অঙ্গ আৰু শিৰ আৰু মঙহ এটাইখিনি থোপ কৰি ভাবি চালে সি যে এখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড বা বিশ্ব তাৰ সন্দেহ নাথাকে। বিশ্ব এটা জন্তু বুলি ধৰি লোৱা। ভিন ভিন গ্ৰহ উপগ্ৰহবিলাক তাৰ হাড়। সেই হাড়বিলাকৰ পৰস্পৰে পৰম্পৰক আকৰ্ষণ কৰি ধৰি আছে। আকৰ্ষণক অদৃশ্য সূত্ৰ বা শিৰ বুলি ধৰিব পাৰি।