এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৪
চিন্তা-কলি।

দেখি। তেনে বস্তু লৈ বিচাৰ আৰম্ভ কৰিলে একো ফলোদয় হবৰ ভৰসা নাই। মানুহ হাতত পোৱা বস্তু। মই নিজেই মানুহ, মই মোক সদায় দেখিছোঁ, মই মোৰ সকলো কথা জানো, ভাল কথাও জানো, বেয়া কথাও জানো। এতেকে এইবাৰ বিচাৰৰ সুবিধা হব, এইবাৰ সৃষ্টিৰ তত্ত্ব পোৱা যাব, এইবাৰ মন জুৰ পৰিব। এই আশাত মনত ৰং লাগিছিল, কিন্তু ৰং মিছা, অন্তৰ-জগৎ বাজৰ জগততকৈও আউলীয়া, বাজৰ জগততকৈও বিচিত্ৰ।

 মানুহৰ শৰীৰটো চকুৰে চাব পৰা আৰু হাতেৰে চুব পৰা বস্তু; প্ৰথমতে তাকেই চোৱাঁচোন। চালেই তবধ মানিবা। তাৰ ভিন ভিন অঙ্গবোৰ কেনে সুৱলাকৈ লগাই থৈছে। হাত ভৰিৰ জোৰবোৰত কোনো গাঁঠি নাই, তেও শকত হৈ লাগি আছে, লৰ মাৰোঁতে এফেৰিও লৰচৰ নহয়। জোৰাই যে কিমান, তাৰ লেখ জোখ নাই, আৰু সেই এটাইবোৰ জোৰাৰ কাৰ্য্য আছে, তাৰ এটা নহলেই বিপদ, সংসাৰত চলাফুৰা কৰিবলৈ টান হয়। মই এদিন এটা ৰেইল-ওয়ে ইঞ্জিন চাইছিলোঁ। তাৰ ভিতৰত ইমানবিলাক কৌশল কিটিপ আছিল বুলি আগেয়ে মই নাজানিছিলোঁ। অসংখ্য গজাল, অসংখ্য জোৰা, অসংখ্য তাপলি। ক’ৰ বস্তু নি ক’ত লগলগাই থৈছে, তাৰ ততেই ধৰিব নোৱাৰি। তাত বেজিৰ মান বস্তুৰপৰা হাতীৰ মান বস্তু আছে, আৰু যেতিয়া ইঞ্জিনে কাম কৰে, তেতিয়া সেই সকলোবোৰত