এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩২
চিন্তা-কলি।

ফুৰণি উঠিল। আকাশত সমস্যাৰ খণ্ডন নাই, মনৰ জুৰণি নাই। তেনেহলে জুৰণি কত? অতীজৰ মহাপুৰুষ সকলো এই সমস্যাত পৰিছিল; সিবিলাকেও ইয়াৰ অৰ্থ বিচাৰি ফুৰিছিল। সিবিলাকৰ হাতে লিখা গভীৰ গবেষণা আছে। জানোছা তাত সমস্যাৰ খণ্ডন আছে।

 বেদ, বেদান্ত, গীতা, উপনিষদ এই সমস্যাৰ বিচাৰ। পেটৰ ভাত, গাৰ কাপোৰ এৰি নিৰ্জ্জন হাবিয়নিত সোমাই পূৰ্ব্বৰ মহাপুৰুষ সকলে এইবিলাক বিচাৰ কৰিছিল। সিবিলাকে বিচাৰ কৰি শেষ কৰিছে, কিন্তু সমস্যাৰ মীমাংসা হোৱা নাই। এতিয়াও মানুহে সেই প্ৰশ্ন কৰিব লাগিছে, এতিয়াও অনন্তক আকোঁৱালি ধৰিবলৈ বাউল হৈ ফুৰিছে। পূৰ্ব্বৰ মীমাংসা মতে অনন্তই ঈশ্বৰ, আৰু শব্দ তেওঁৰ প্ৰথম বিকাশ। এই মীমাংসা মনত ধাৰণ কৰিব পাৰি। কিন্তু প্ৰশ্ন হয়, অনন্তৰ আদি কি? আৰু তাৰ বিকাশেই বা কিয় হল? শব্দ অনাহত বুলি শাস্ত্ৰত কয়, আঘাত নকৰাকৈ শব্দ কেনেকৈ হয়? শব্দৰপৰা বায়ু, বায়ুৰপৰা পানী, ইও শাস্ত্ৰৰ মীমাংসা। এই অনুক্ৰমে বোলে সৃষ্টিৰ জন্ম। এই মীমাংসা কাণেৰে শুনিবলৈ ভাল, মনেৰে ভাবিবলৈকো ভাল, কিন্তু বুজিবলৈ সুৱলা নহয়। শব্দৰপৰা বায়ু, আৰু বায়ুৰপৰা পানী কিয় হল? আৰু কেনেকৈ হল? এইবিলাক প্ৰশ্নৰ উত্তৰ ক’তা? শাস্ত্ৰত ইহঁতৰ উত্তৰ নাই। শাস্ত্ৰত কয়বোলে সেইবিলাক অনন্তৰ ইচ্ছামতে হৈছে, ইচ্ছাময় সংসাৰ।