এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩১
চিন্তা-কলি।

আছিল? কোনে কব কি আছিল? আকাশে নকয়, তৰাই কব নোৱাৰে, চন্দ্ৰই কব নোৱাৰে। সকলো কথা সমস্যাৰ গৰ্ভত। আৰু তৰাবিলাক বোলে একোটা সূৰ্য্য, আৰু আমাৰ সূৰ্য্যৰ চাৰিওফালে যেনেকৈ গ্ৰহ উপগ্ৰহবিলাক ঘূৰি ফুৰিছে, সেই সূৰ্য্যবিলাকৰ চাৰিওফালেও সেই দৰে অনেক গ্ৰহ উপগ্ৰহ ঘূৰি ফুৰিব লাগিছে। তেনেহলে আকাশত ঠাই কিমান আছে? আমাৰ সূৰ্য্যৰ পৰিয়াল টোৱেই কোটি কোটি যোজন জুৰি আছে। সিবিলাক সূৰ্য্যৰ পৰিয়ালবিলাকে বা কিমান যোজন জুৰি আছে? মানুহৰ মুখে শুনো, আকাশ বোলে অনন্ত। অনন্ত কি? মোৰ মনতচোন অনন্ত একো বস্তু ভাবিব নোৱাৰোঁ। আৰু কয়, বোলে অসংখ্য ব্ৰহ্মাণ্ডেৰে অনন্ত আকাশ ভৰি আছে। ভৰিল কেনেকৈ? অনন্ত আকাশৰ ভৰা-ভৰি কি? ভৰিলে ঠাই নাইকিয়া হয়। অনন্তৰ গৰ্ভত ঠাই নাইকিয়া হব কেনেকৈ? তেনেহলে এইবিলাক নিৰৰ্থক বাক্য, কেৱল মনক বুজনি দিবলৈ এই বাক্যবোৰৰ সৃষ্টি হৈছে। তাহানি নাম-ঘোষাত পঢ়িছিলোঁ, “অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী”। এই ফাঁকি কথাৰ অৰ্থও বুজিব নোৱাৰি। তেনেহলে অনন্ত বস্তু একো নাই। তেনেহলে আকাশৰ ক’তবা সীমা আছে, তেনেহলে ব্ৰহ্মাণ্ডৰ এটা সংখ্যা আছে। সমস্যাৰ এই মীমাংসা। কিন্তু মীমাংসা ভুল। সীমাৰ বাহিৰত কি? পুনৰ সেই সমস্যা। একো স্থিৰ নহল, মূৰৰ