এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৯
চিন্তা-কলি

 লৰাকালত কেনে সুখেৰে দিন নিয়াইছিলোঁ, কেনে সচ্চিদানন্দ ৰূপ ধৰি সংসাৰ-ক্ষেত্ৰত ধেমালি কৰি ফুৰি- ছিলোঁ। কিন্তু সেই কাল সৰহ দিন নৰল। কেতিয়াবা সেই নিষিদ্ধ গছৰ গুটি খালোঁ হবলা, এতিয়া তাৰ বিহৰ জালত সংসাৰত সুখ-শান্তি নাইকিয়া হল। কিবা এটা ক'তবা লুকাই আছে, মই তাক নেদেখিলোঁ, মই তাক নাজানিলোঁ, এই চিন্তাতে শৰীৰৰ তেজ-মঙহ শুকাই গল, সংসাৰৰ একো বস্তুতে সোৱাদ নোপোৱা হলোঁ, একোতে ৰাপ নাইকিয়া হল। মানুহৰ কেনে বৰাই। খুদৰমান মন এটা লৈ তাৰে ব্ৰহ্মাণ্ডখন আকোঁৱালি ধৰিব খোজে, সসীম মনেৰে অসীম বিশ্বৰ সীমা বিচাৰি ফুৰে। এনেকুৱা আচৰণ মানুহৰ মইমতালি হব পাৰে, কিন্তু মানুহৰ উপায় কি? মানুহত কি দোষ আছে? মই এই সমস্যা কেতিয়াও নিজে বিচৰা নাছিলোঁ। মোৰ একান্ত ইচ্ছা, যেন এতিয়াও এই সমস্যা মনৰ পৰা আঁতৰি যায়। এতিয়াও যেন আগৰ দৰে নিশ্চিন্ত মনেৰে মই ধেমালি কৰি ফুৰিবলৈ পাওঁ। কিন্তু সমস্যা আঁতৰে কতা? জগতৰ যেনিয়ে চকু ঘূৰাওঁ, তেনিয়ে সেই সমস্যা দেখোঁ। জগৎখন সেই সমস্যাৰে ভৰা। বাটৰ দূবৰি, গছৰ পাত, সকলোতে সেই সমস্যা ফটফটীয়া হৈ ওলাই আছে। কোন চকু থকা মানুহে তাক নাচাই থাকিব পাৰে? অসীমৰ সীমা চাবলৈ সকলো মানুহৰে হেঁপাহ, ই এটা পিয়াহ। এই পিয়াহ মাৰিবলৈ মানুহে আদিৰপৰা