অজান বালক সুখীয়া, হাবিৰ বৰ্ব্বৰ সুখীয়া, অজ্ঞানী চহা সুখীয়া। ইহঁত জ্ঞান-গৰলৰ জ্বালাত পৰা নাই।
জ্ঞানৰ গৰল বৰ চোকা বস্তু। ই এবাৰ শৰীৰত সোমালে
মানুহৰ তত হেৰুৱাই দিয়ে আৰু কদাপি শৰীৰৰপৰা ওলাই
নাযায়। ভালেতোহে জ্ঞান-গছৰ গুটি খাবলৈ ঈশ্বৰে মানুহক
হাক দিছিল। বাইবোল শাস্ত্ৰত কয় বোলে ঈশ্বৰে আদিতে
মতা-মাইকী এহাল মানুহ স্ৰজন কৰি এখন সুন্দৰ বননিত থৈ
দিছিল। সিহঁতক বননিৰ সকলোবোৰ গছৰ গুটি খাবলৈ
কৈছিল; কিন্তু এজোপা গছৰ গুটি খাবলৈ নিষেধ কৰিছিল।
সেই জোপা বোলে জ্ঞান-গছ। তাৰ গুটি খালে হেনো
মানুহৰ জ্ঞান ওপজে, আৰু জ্ঞান উপজিলে দুখৰ পাৰকুল
নাইকিয়া হয়। মইমৎ মানুহে ঈশ্বৰৰ হাক অৱহেলা কৰি
সেই গছজোপাৰ গুটি খালে, আৰু সেই নিমিত্তেহে বোলে
তেওঁৰ সন্তান-সন্ততিবোৰে সংসাৰত ইমান যাতনা জীয়াতু
ভুঞ্জিব লাগিছে। বাইবোলৰ এই আখ্যানটো সাধুকথাই হওক
বা আচল কথাই হওক, কিন্তু জ্ঞান যে এটা বিমঙ্গলীয়া বস্তু,
ই ধূৰুপ কথা।